বৰপেটা, ১ এপ্ৰিলঃ কৰ'ণা মহামাৰীক লৈ দেশত সৃষ্টি হোৱা জৰুৰীকালিন অৱস্থাৰ পৰিপ্ৰেক্ষিতত, বৰপেটা জিলা কাৰাগাৰৰ পৰা ৭ গৰাকী কাৰাবন্দীক মুকলি কৰি দিয়া হৈছে ৷ আদালতৰ নিৰ্দেশনুক্ৰমে বৰপেটা কাৰাগাৰ কতৃপক্ষই পুনৰ ৭ জন কাৰাবন্দীক মুকলি কৰি দিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰপেটা জিলা কাৰগাৰৰ পৰা এইপৰ্যন্ত ২২ গৰাকী কাৰাবন্দীক মুকলি কৰি দিছে কাৰাগাৰ কতৃপক্ষই ৷ বৰপেটা জিলা কাৰাগাৰৰ অধীক্ষক গোবিন্দ মালাকাৰে জানিবলৈ দিয়ামতে, পৰ্যায়ক্ৰমে আৰু অধিক বন্দীক মুকলি কৰি দিয়া হ'ব ৷ মুলতঃ লঘু দোষত বিচাৰাধীন বন্দীসকলক প্ৰথম পৰ্যায়ত ব্যক্তিগত জামিনত মুকলি কৰি দিয়া হৈছে ৷
লগতে পঢ়কঃ কৰ'ণা ভাইৰাছৰ বাবে কামৰূপ জিলা উপায়ুক্তৰ বিশেষ পদক্ষেপ