ETV Bharat / state

বৰপেটাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ - Seminar on women assault

আলোচনা চক্ৰৰ সমল ব্যক্তি ৰুবী ভাগৱতী শৰ্মাই লিংগ বিষয়ক ইংৰাজী শব্দ "ছেক্স" আৰু "জেণ্ডাৰ"ৰ পাৰ্থক্য আৰু বৈষম্য সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা আগবঢ়ায় ৷

seminar-on-women-assault-at-madhya-kamrup-college-of-barpeta
বৰপেটাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ
author img

By

Published : Jan 9, 2021, 7:54 PM IST

বৰপেটা,9 জানুৱাৰী: বৰপেটা জিলাৰ চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ সভাকক্ষত শনিবাৰে মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ ৷ "লিংগ ভিত্তিক নিৰ্যাতন আৰু মহিলাৰ সুৰক্ষাত যুৱ প্ৰজন্মৰ ভূমিকা" শীৰ্ষক এই আলোচনা চক্ৰখনৰ সঞ্চালনা কৰে মহিলা কোষৰ সভানেত্ৰী অধ্যাপিকা জুনু কলিতাই ৷ লগতে আলোচনা চক্ৰৰ উদ্দেশ্য ব্যাখ্যা কৰে মহিলা কোষৰ সম্পাদিকা অধ্যাপিকা ড৹ মৃদুস্মিতা গোস্বামীয়ে ৷ আলোচনাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ গোপেশ কুমাৰ শৰ্মাই আদৰণী বক্তব্য আগবঢ়োৱাৰ পাছত উপাধ্যক্ষ ড৹ হৰেন্দ্ৰনাথ তালুকদাৰেও বিষয়বস্তুৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷

seminar-on-women-assault-at-madhya-kamrup-college-of-barpeta
বৰপেটাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ

উল্লেখ্য যে, উক্ত আলোচনা চক্ৰৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অসম ৰাজ্যিক মহিলা সম্পদ কেন্দ্ৰৰ প্ৰকল্প সমন্বয়ক ৰুবী ভাগৱতী শৰ্মাই ৷ সমল ব্যক্তি ৰুবী ভাগৱতী শৰ্মাই লিংগ বিষয়ক ইংৰাজী শব্দ "ছেক্স" আৰু "জেণ্ডাৰ"ৰ পাৰ্থক্য আৰু বৈষম্য সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা আগবঢ়ায় ৷ লগতে পুৰুষ প্ৰধান সমাজ ব্যৱস্থাৰ বাবেও মহিলাসকল নিৰ্যাতিত হৈ আছে বুলিও উল্লেখ কৰে ৰুবী ভাগৱতী শৰ্মাই ৷

লগতে পঢ়কঃ অখিল গগৈয়ে জেলত কটোৱা প্ৰতিটো দিনৰ উত্তৰ 21ত ৰাইজে দিবঃ চিত্ত ৰঞ্জন বসুমতাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.