বৰপেটা, 22 জানুৱাৰীঃ গণতন্ত্ৰ দিৱসৰ পূৰ্বে বৰপেটাত আইন শৃংখলা পৰিস্থিতিক লৈ কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন ৷ জিলাখনত জাৰি কৰা হৈছে ১৪৪ ধাৰা ৷ বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এক নিৰ্দেশনা যোগে জিলাখনত জাৰি কৰিছে ১৪৪ ধাৰা (Section 144 in Barpeta district) ৷

বৰপেটা জিলাত শুকুৰবাৰৰ পৰা সকলো ধৰণৰ সভা, সমদল আদিত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ তাৰোপৰি ৫ জন অথবা ৫ জনতকৈ অধিক ব্যক্তি একেলগ হোৱাত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ৷
আনহাতে জিলাখনৰ ভিতৰত সকলোধৰণৰ আন্দোলনৰ কাৰ্যসূচী নিষেধ কৰা হৈছে ৷ তাৰোপৰি দা, লাঠি বা আন যিকোনো অস্ত্ৰ লৈ ফুৰা আৰু সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি হ’ব পৰা সকলো তৎপৰতা বন্ধৰো নিৰ্দেশ দিছে জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচালে ৷ অনিৰ্দিষ্টকালীনভাৱে জাৰি কৰা হৈছে এই নিৰ্দেশনা ৷
লগতে পঢ়ক: দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত এতিয়াৰে পৰা বন্ধ কামৰূপৰ বনভোজস্থলী