বৰপেটা, 4 ছেপ্তেম্বৰ: চৰকাৰে শিক্ষাৰ উন্নয়নৰ কথা কৈ যিমানেই কথাৰ ফুলজাৰি নামাৰক কিয়, কিন্তু এতিয়াও চৰকাৰী খণ্ডৰ বহু বিদ্যালয়ৰ অৱস্থা অতি জৰাজীৰ্ণ হৈ থকা পৰিলক্ষিত হৈছে ৷ বহু বিদ্যালয়ৰ নাই শ্ৰেণীকোঠা, নাই ছাত্ৰ-ছাত্ৰী বহাৰ বাবে ডেস্ক বেঞ্চ ৷
চৰকাৰে বিদ্যালয় সমূহৰ আন্তঃ গাঁঠনিৰ উন্নয়ন, চকী-মেজ, ডেস্ক-বেঞ্চ আদি ক্ৰয়ৰ বাবে প্ৰতিবছৰে ধন আৱন্টন দিয়ে যদিও চৰকাৰে প্ৰদান কৰা ধন প্ৰধান শিক্ষকৰ পকেটত সোমোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ সচেতন ৰাইজৰ অভিযোগ, একাংশ শিক্ষকে শিক্ষকতাৰ বৃত্তিটোক যেন সহজে ধন আহৰণৰ কৰাৰ এক উৎস হিচাপেহে গ্ৰহণ কৰি আহিছে ৷
লগতে পঢ়কঃ বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ দাবীত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট
আজি আপোনালোক জনাম বৰপেটাৰ জিলাৰ ঢকুৱা উত্তৰপাৰা বালিকা প্ৰাথমিক বিদ্যালয় আৰু গান্ধীপাৰা প্ৰাথমিক বিদ্যালয় দুখনৰ অৱস্থাৰ বিষয়ে ৷ ঘটনা অনুসৰি বৰপেটাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই শনিবাৰে বিদ্যালয় দুখন পৰিদৰ্শন কৰাৰ সময়ত পোহৰলৈ আহে বিদ্যালয়খনত সংঘটিত হৈ অহা দুৰ্নীতিৰ বিষয়টো ৷
উল্লেখযোগ্য যে, বিদ্যালয়ৰ উন্নয়নৰ নামত অহা ধন শৰাধ কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ৷ আনহাতে গান্ধীপাৰা বিদ্যালয়ত আকৌ দুই পতি পত্নী শিক্ষকে নিজ ইচ্ছামতেই চলাই আছে বিদ্যালয়খন ৷ নাই কোনো নীতি নিয়ম ৷
ইপিনে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে বিদ্যালয় দুখনৰ এনে অৱস্থা প্ৰত্যক্ষ কৰি হতচকিত হৈ পৰে ৷ তাৰ পাছতে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে বিদ্যালয়ৰ উন্নয়নৰ ধন ক'ত কিদৰে ব্যয় কৰা হৈছে, তাৰ হিচাপ দাখিল কৰিবলৈ দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক নিৰ্দেশ দিয়ে ৷
লগতে পঢ়কঃ হোজাইত মেট্ৰিকৰ চাৰ্টিফিকেট দিয়াৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ