ETV Bharat / state

জনীয়াত বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

author img

By

Published : Dec 22, 2020, 1:16 PM IST

২৬ লাখ ৮৯ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ অৱস্থাই উদঙাইছে ঠিকাদাৰৰ কামৰ নমুনা । বৰপেটাৰ জনীয়াত বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ । শ্ৰেণীকোঠাৰ দেৱালত মেলিছে বৃহৎ ফাঁট । যিকোনো মুহূৰ্তত ভয়াৱহ অঘটন সংঘটিত হৈ ছাত্ৰ-ছাত্ৰী আহত হোৱাৰ আশংকা ।

জনীয়াত বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ
জনীয়াত বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

জনীয়া, ২২ ডিচেম্বৰ: বৰপেটাৰ জনীয়াত বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণৰ নামত ঠিকাদাৰে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ আৰু বিদ্যালয় কৰ্তৃপক্ষই । বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণ কৰোঁতে ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । কিয়নো,নিৰ্মাণ কাৰ্য আধৰুৱা কৰি বিদ্য়ালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীসকলক ভয়াৱহ বিপদৰ মাজলৈ ঠেলি দিছে সংশ্লিষ্ট ঠিকাদাৰে ।

শ্ৰেণীকোঠা নিৰ্মাণ কৰাৰ পিছতে দেৱালত মেলিছে বৃহৎ ফাঁট । যিকোনো মুহূৰ্ততে দেৱাল খহি গাত পৰিব বুলিব শংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল। কেৱল এয়াই নহয়,ভৰিৰে সামান্য খুঁচৰি দিলেই ভাগি যায় শ্ৰেণীকোঠাৰ মজিয়া। নৱনিৰ্মিত দুটাকৈ শ্ৰেণীকোঠাৰ এটাৰো খিৰীকিত লগোৱা নাই আইনা। পাতল টিনপাতেৰে দৰ্জা লগোৱা হৈছে আৰু ৰং-প্ৰাইমাৰ ব্যৱহাৰ নকৰাৰ ফলত মামৰ লাগি ধৰিছে ।

আনহাতে,শ্ৰেণীকোঠা নিৰ্মাণৰ নামত আবণ্টিত ২৬ লাখ ৮৯ হাজাৰ টকা ঠিকাদাৰৰ আৰু মধ্যভোগীয়ে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ঠিকাদাৰে সংঘটিত কৰা এই দুৰ্নীতি সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষই বৰপেটাৰ জিলা উপায়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল যদিও আজি পৰ্যন্ত কোনো সুফল পোৱা নাই । ছাত্ৰ-ছাত্ৰীসকলে যাতে অঘটনৰ সন্মুখীন হ'বলগীয়া নহয়,তাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে বিদ্যালয়ৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰি দিয়াৰ দাবী জনাইছে বিদ্যালয় কতৃপক্ষ আৰু পৰিচালনা সমিতিয়ে ।

ঠিকাদাৰে অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে শ্ৰেণীকোঠাৰ দেৱাল,মজিয়া নষ্ট হৈছে বুলি অভিযোগ তুলিছে । সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক:পাথাৰকান্দিৰ পৰা ত্ৰিপুৰা সংযোগী পথৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.