জনীয়া, 18 ডিচেম্বৰ : চলিত মাহৰ ১০ ডিচেম্বৰ তাৰিখে একাংশ সংবাদ মাধ্যমত কলগাছিয়াৰ লাচাংগা প্ৰি চিনিয়ৰ মাদ্ৰাছাৰ বিৰুদ্ধে এটি বাতৰি সম্প্ৰচাৰিত হৈছিল ৷ সম্প্ৰচাৰিত বাতৰিত বিদ্যালয়খনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰা হৈছিল ৷ বৰ্তমান এই অভিযোগ ভূৱা আৰু ভিত্তিহীন বুলি আখ্যা দিছে বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুছ ছামাদ, সহকাৰী শিক্ষক, পৰিচালনা সমিতিৰ সভাপতি তথা ছাত্ৰ-ছাত্ৰীয়ে ৷
বিদ্যালয় কতৃপক্ষ তথা ছাত্ৰ-ছাত্ৰীয়ে জানিবলৈ দিয়া মতে, প্ৰতিদিনেই বিদ্যালয়খনত প্ৰদান কৰা হয় নিয়মিত পাঠদান ৷ লগতে প্ৰতিদিনেই বিদ্যালয়খনত উপস্থিত থাকে প্ৰায় 40 জনতকৈও অধিক ছাত্ৰ-ছাত্ৰী ৷
সহকাৰী শিক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে, ১০ ডিচেম্বৰ তাৰিখে প্ৰধান শিক্ষক আব্দুছ ছামাদ বিদ্যালয়ৰ কাম-কাজৰ বাবে বৰপেটালৈ যাবলগীয়া হোৱাৰ বাবে সুযোগ গ্ৰহণ কৰি দুষ্ট চক্ৰই ষড়যন্ত্ৰমূলকভাবে বিদ্যালয়খনৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে(school authorities refuse to the published news) । ভূৱা আৰু ভিত্তিহীন বাতৰি প্ৰচাৰ কৰি বিদ্যালয়ৰ মাটি দখল কৰাৰ বাবে এনে কাৰ্য সংঘটিত কৰা বুলি এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুছ ছামাদে(Clarification of school authority)।
লগতে পঢ়ক : Poor school infrastructure : মুকলি আকাশৰ তলত চলিছে চৰকাৰী বিদ্যালয়ৰ পাঠদান