জনীয়া, ২৫ মাৰ্চ: কলগাছিয়াৰ তাপাজুলি পাথাৰ গাঁৱত কালভাৰ্ট নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ-অনিয়মৰ অভিযোগ উত্থাপিত হৈছে (Allegation of Scam in NREGA)। দুবছৰেই সম্পূৰ্ণ নহ'ল কলভাৰ্ট নিৰ্মাণৰ কাম। ফলত ৰাইজে যাতায়তত নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে । সোণাপুৰ ৰুভী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে অনিয়মৰ অভিযোগ । এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে বৰপেটা জিলাৰ লোকপালে ।
বৰপেটা জিলাৰ ৮৩ নং সোণাপুৰ ৰুভী গাঁও পঞ্চায়তৰ তাপাজুলি গাঁৱত সম্প্ৰতি চলি থকা ব্যপক দুৰ্নীতিয়ে ৰাইজৰ চকু কপালত তুলিছে (Scam in Sonapur Ruvi Village Panchayat)। গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই দুৰ্নীতিৰ অভিযোগ । মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৮৩ নং সোণাপুৰ ৰুভী গাঁও পঞ্চায়তৰ টাপাজুলি পাথাৰ গাঁৱত ২০২০-২১ চনৰ এমজি এনৰেগাৰ কাম আৰম্ভ হৈছিল (Mandia Development Block) ৷ ইয়াৰ পিছতো আজিলৈকে কলভাৰ্ট নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।
উল্লেখ্য যে হামিদ আলী গাঁওবুঢ়াৰ ঘৰৰ পৰা চুলতান আলীৰ ঘৰলৈ এটা এগ্রিল বান্ধৰ লগতে কলভাৰ্ট নিৰ্মাণৰ বাবে চৰকাৰে ৩০ লাখ ২৬ হাজাৰ ৯৯৪ টকাৰ আবণ্টন দিছিল । ইয়াৰে এগ্ৰিল বান্ধৰ নামমাত্ৰ কাম কৰিয়েই দায়িত্ব সামৰিলে পঞ্চায়ত সভানেত্ৰীয়ে । ইপিনে, কলভাৰ্ট নিৰ্মাণৰ নামত আৱন্টিত ধনো কাম নকৰাকৈয়ে সৰকোৱাৰ অভিযোগ উত্থাপিত হৈছে । পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে ফলক আঁৰিছে যদিও দুবছৰ উকলি যোৱাৰ পিছতো কলভাৰ্ট নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা নাই ।
উল্লেখ্য যে এগ্ৰিল বান্ধ অতি নিম্নমানৰ সামগ্ৰীৰে অৰ্ধনিৰ্মিত অৱস্থাত থৈ অধিকাংশ ধন সৰকোৱাৰ ফলত পথাৰৰ মাজত বোকা পানী গচকি যাতায়ত কৰিব লগা হৈছে বুলি অভিযোগ কৰিলে স্থানীয় ৰাইজে । লগতে এই পঞ্চায়তত যিকোনো চৰকাৰী কামৰ নামত অবাধ দুৰ্নীতি চলি থকা বুলি অভিযোগ উঠিছে । কলভাৰ্টৰ কাম সম্পূৰ্ণ নকৰাত দুডাল বাঁহৰ ওপৰেদি মৰণত শৰণ দি যাতায়ত কৰিব লগীয়া হৈছে স্থানীয় ৰাইজে ।
উল্লেখ্য় যে এমজি এনৰেগাৰ কামত সংঘটিত হোৱা দুৰ্নীতি আৰু অনিয়মৰ ওপৰত নজৰ ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰত্যেকখন জিলাতে একোজন লোকপাল নিয়োগ কৰিছে । স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত শনিবাৰে বৰপেটা জিলা লোকপালগৰাকীয়ে সেই স্থানৰ চৰজমিন পৰিদৰ্শন কৰি ইয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱা হ'ব বুলি আশ্বাস দিয়ে । ৰাইজে তদন্ত মৰ্মে বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।
লগতে পঢ়ক:Bihu dance workshop: বঙাইগাঁৱত সাতদিনীয়া বিনামূলীয়া বিহু প্ৰশিক্ষণৰ সামৰণি