ETV Bharat / state

নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত ষ্টেট বেংকৰ শাখা মুকলি মুখ্যমন্ত্ৰীৰ - ষ্টেট বেংকৰ শাখা মুকলি

বেংকৰ শাখা মুকলি কৰি ইয়াৰ দ্বাৰা অঞ্চলটোৰ আৰ্থ-সামাজিক ক্ষেত্ৰ,নিবনুৱা যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাট মুকলি হ'ব বুলিও আশা ব্যক্ত মুখ্যমন্ত্ৰীগৰাকীৰ ৷ ছয়গাঁৱত শিল্পীদলক আক্ৰমণ কৰা ঘটনাক নিন্দা মুখ্যমন্ত্ৰীৰ ৷

নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত ষ্টেট বেংকৰ শাখা মুকলি মুখ্যমন্ত্ৰীৰ
author img

By

Published : Jun 10, 2019, 7:18 PM IST

বৰপেটা,10 জুন : বৰপেটাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত সোমবাৰে ভাৰতীয় ষ্টেট বেংকৰ এটা শাখা মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ষ্টেট বেংক অব ইণ্ডিয়াৰ উত্তৰ পূবৰ মুখ্য প্ৰৱন্ধক সুনীল কুমাৰ টেণ্ডন আৰু উত্তৰ-পূৱৰ প্ৰৱন্ধক সুধীৰ কুমাৰ শৰ্মাৰ উপস্থিতিত বেংকৰ শাখাটো মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বেংকৰ শাখাটো মুকলি কৰি গ্ৰামাঞ্চলৰ মহিলাসকলকে ধৰি সকলো হিতাধিকাৰীয়ে চৰকাৰী বিভিন্ন আঁচনিৰ ধন লাভ কৰাৰ ক্ষেত্ৰত উপকৃত হোৱাৰ লগতে এই শাখাটোৰ জৰিয়তে অঞ্চলটোৰ আৰ্থ-সামাজিক ক্ষেত্ৰ,নিবনুৱা যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাট মুকলি হ'ব বুলিও আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উক্ত অনুষ্ঠানতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰসংগ উত্থাপন কৰি নিবনুৱা যুৱক-যুৱতীসকলৰ লগতে বিশেষকৈ মহিলাসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত উদ্যোগ লবলৈ বেংক কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনায় মুখ্যমন্ত্ৰী সোণোৱালে ৷

নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত ষ্টেট বেংকৰ শাখা মুকলি মুখ্যমন্ত্ৰীৰ

ইপিনে ছয়গাঁৱত ঈদৰ সাংস্কৃতিক অনুষ্ঠানত শিল্পীদলক উলংগ নৃত্য কৰিবলৈ অনুষ্ঠান পৰিচালনা সমিতিয়ে কৰা আহ্বান আৰু আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, "এয়া গৰিহণাৰ যোগ্য ৷ সকলোৱে একেমুখে এই কাৰ্যৰ নিন্দা কৰিছে ৷ ইতিমধ্যে দোষীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে ৷" আনহাতে উক্ত সভাতে উচ্চতৰ মাধ্যমিক কলা শাখাত পঞ্চম আৰু দশম স্থান লাভ কৰা যোগমোহন কলিতা আৰু কৃপাময় দাসক বেংটোৰ তৰফৰ পৰা পাঁচ হাজাৰকৈ টকাৰ একোখন চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ৷

Slug:     as_bar_10june_cm_inaugurated_sbi_branch_at_nasatra_vis+bite+photo_7203841                     
 বৰপেটাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত ষ্টেবেংকৰ শাখা মুকলি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷
নিবনুৱা যুৱক যুৱতীক ঋণ প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদানৰ আহ্বান বেংক কতৃপক্ষক ৷
ছয়গাৱৰ ঈদৰ সাংস্কৃতিক সন্ধিয়াত শিল্পীদলক কৰা অশোভনীয় আচৰনৰ নিন্দা মুখ্যমন্ত্ৰীৰ ৷

বৰপেটা, ১০ জুনঃ বৰপেটাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে  ষ্টেট বেংক অব ইণ্ডিয়াৰ এটা শাখা মুকলি কৰে ৷ ষ্টেট বেংক অব ইণ্ডিয়াৰ উত্তৰ পূবৰ চীফ জেনেৰেল মেনেজাৰ সুনীল কুমাৰ টেণ্ডন আৰু উত্তৰ পূবৰ জেনেৰেল মেনেজাৰ সুধীৰ কুমাৰ শৰ্মাৰ  উপস্থিতিত বেংকৰ শাখাটো মুকলি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গ্ৰামাঞ্চলৰ মহিলাসকলকে ধৰি সকলো হিতাধিকাৰীয়ে চৰকাৰী বিভিন্ন আঁচনিৰ ধন লাভ কৰাৰ ক্ষেত্ৰত উপকৃত হব বুলি আশা প্ৰকাশ কৰে ৷ নসত্ৰৰ দৰে ভিতৰুৱা এক অঞ্চলত স্থাপন কৰা ষ্টেট বেংক অব ইণ্ডিয়াৰ এই শাখাটোৰ জৰিয়তে অঞ্চলটোৰ আৰ্থ সামাজিক ক্ষেত্ৰৰ উন্নয়ন সাধনৰ লগতে নিবনুৱা যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাট মুকলি হব বুলিও আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বেংকসমুহে পদক্ষেপ লব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰসংগ উত্থাপন কৰি নিবনুৱা যুৱক যুৱতীসকলৰ লগতে বিশেষকৈ মহিলা সকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত উদ্যোগ লবলৈ বেংক কতৃপক্ষৰ প্ৰতি আহ্বান জনায় ৷ তাৰোপৰি আৰ্থ সামাজিক ক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত বেংকৰ এক উল্লেখযোগ্য ভূমিকা থকাৰ কথাও ঘোষনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 
ইপিনে ছয়গাৱত ঈদৰ সাংস্কৃতিক অনুষ্ঠানত শিল্পীদলক নগ্ন নৃত্য কৰিবলৈ শিল্পীদলটোক কৰা আক্ৰমনৰ ঘটনাটোক গৰিহনা দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰীয়ে কয়- এয়া গৰিহনাৰ যোগ্য ৷ সকলোৱে একেমুখে এই কাৰ্যৰ নিন্দা কৰিছে ৷ ইতিমধ্যে দোষীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহনৰ নিৰ্দেশ দিয়া বুলিও উল্লেখ কৰে ৷ সামাজিক সাংস্কৃতিক পৰম্পৰাক কলুষিত হবলৈ দিয়া নহব বুলি মন্তব্য কৰি চৰকাৰ আৰু জনসাধাৰনে একত্ৰিত প্ৰচেষ্টাৰে আমাৰ সমাজৰ অপসংস্কৃতি , সামাজিক ব্যাধি আৰু অন্ধবিশ্বাস দূৰ কৰিব লাগিব বুলিও দোহাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ আনহাতে উক্ত সভাতে উচ্চতৰ মাধ্যমিক কলা শাখাত পঞ্চম আৰু দশম স্থান লাভ কৰা যোগমোহন কলিতা আৰু কৃপাময় দাসক বেংটোৰ তৰফৰ পৰা পাচ হাজাৰকৈ টকাৰ একোখন চেক প্ৰদান কৰে ৷

বাইটঃ সৰ্বানন্দ সোনোৱাল ৷          

 --- বাপকন দাস, বৰপেটা        

  ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.