বৰপেটা,১৮ মাৰ্চ: বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে । সৰুক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাৰ্থীগৰাকীয়ে । বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে । জাকিৰ হুছেইন শিকদাৰৰ মনোনয়ন দাখিলৰ পূৰ্বে বৰপেটা চহৰত এক বিশাল সমদল উলিওৱা হয় । কেইবা হাজাৰ কৰ্মীৰ সৈতে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছি বজাৰৰ পৰা বিশাল ৰেলীৰে বৰপেটাত উপস্থিত হয় প্ৰাৰ্থীগৰাকী ।
![বৰপেটাত জাকিৰ হুছেইন শিকদাৰৰ মনোনয়ন দাখিল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-21to24-18mar-sarukhetri-lac-cong-nomination-visbitephoto-as10038_18032021163828_1803f_1616065708_346.png)
আনহাতে, মনোনয়ন দাখিলৰ পূৰ্বে বিজয় নিশ্চিত বুলি সংবাদ মাধ্যমৰ আগত দাবী জনায় । ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ'ব বুলি দাবী কৰে জাকিৰ হুছেইন শিকদাৰে ৷ এআইইউডিএফৰ প্ৰাৰ্থী মীনাক্ষী ৰহমান কোনো ফেক্টৰ নহয় বুলি দাবী জাকিৰ হুছেইন শিকদাৰৰ ৷
লগতে পঢ়ক: বকোত উপস্থিত ছত্তিশগড়ৰ মন্ত্ৰী গুলাব কাম্ৰোসহ পাঁচজনীয়া দল