সৰ্থেবাৰী, ২৬ ফেব্ৰুৱাৰীঃ চীনৰ কৰ'ণা ভাইৰাছে সংকট কঢ়িয়াই আনিছে সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ ৷ ভূটান অথবা নেপালৰ জৰিয়তে সৰ্থেবাৰীত নিৰ্মিত তাল চীন, তিব্বতলৈ ৰপ্তানি কৰা হয় ৷ বিশেষকৈ চীন, জাপান, তিব্বত আদি দেশৰ বাবে সৰ্থেবাৰীৰ কঁহাৰ শিল্পী সকলে বিভিন্ন ধৰনৰ তাল নিৰ্মান কৰে ৷ কিন্তু ভূটান আৰু নেপালৰ সৈতে চীনৰ বেহা বেপাৰ বন্ধ হৈ পৰাৰ ফলত এতিয়া ব্যৱসায়ীসকলেও কাঁহৰ সামগ্ৰী ক্ৰয় কৰিবলৈ অমান্তি হৈছে ৷ যাৰ বাবে বৰ্তমান কাঁহৰ সামগ্ৰী ৰপ্তানি নোহেৱাৰ ফলত শিল্পী আৰু ব্যৱসায়ী সকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ শালৰ গুডামত পৰি ৰৈছে লাখ লাখ টকাৰ সামগ্ৰী ৷ ইয়াৰ লগে লগে বন্ধ হৈ পৰিছে কঁহাৰ শালসমূহো ৷ যিয়ে কঁহাৰসকলৰ আৰ্থিক দিশত যথেষ্ট পৰিমাণৰ ক্ষতি কঢ়িয়াই আনিছে ৷
লগতে পঢ়কঃ জোনাইত একেনিশাই চুৰে লুটিলে ১৩ খনকৈ দোকান