পাঠশালা,৭ আগষ্টঃ ৰাজ্য চৰকাৰৰ গৃহ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা তথ্য আৰু জনসংযোগ আদি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব সঞ্জয় কৃষ্ণই বুধবাৰে বৰপেটা জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে পাঠশালাত উপস্থিত হয় । তেওঁৰ সৈতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত সচিব অশোক বৰ্মনো উপস্থিত থাকে ।
বজালী মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হৈ শেহতীয়া বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়৷ লগতে বানৰ পিচত ল'ব লগা ব্যৱস্থা সমূহৰ বিষয়েও পৰামৰ্শ আগবঢ়াই সঞ্জয় কৃষ্ণই । আলোচনাত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, আৰক্ষী অধীক্ষক ৰবীন কুমাৰ, মহকুমাধিপতি বিজয় ৰেড্ডী, জিলা জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু বিভিন্ন বিভাগীয় বিষয়া সকল উপস্থিত থাকে । ইয়াৰ পিছতে অতিৰিক্ত মুখ্য সচিব সঞ্জয় কৃষ্ণই পহুমৰা নৈৰ বানে চিঙা গহীনপাৰাৰ মথাউৰিও পৰিদৰ্শন কৰাৰ উপৰিও বজালী ৰাজহ চক্ৰৰ কাৰ্যালয়ত প্ৰবেশ কৰি ইয়াৰ কাম-কাজ পৰ্যবেক্ষণ কৰে।