ETV Bharat / state

শালবাৰীত ইউপিপিএলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি - ইউপিপিএলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

দেওবাৰে শালবাৰীত পৃথকে পৃথকে তিনিটাকৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে সমষ্টিটোৰ ইউ পি পি এলৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে ৷

as_bar_uppl_election_office_vis_AS10030
শালবিৰীত ইউপিপিএলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
author img

By

Published : Nov 22, 2020, 2:27 PM IST

Updated : Nov 22, 2020, 4:55 PM IST

বৰপেটাৰোড, 22 নৱেম্বৰঃ চমু চামি আহিছে বিটিচিত নিৰ্বাচনৰ দিন ৷ দেওবাৰে ইউপিপিএলৰ শালবাৰীস্থিত কাৰ্যালয়ত সমষ্টিটোৰ ইউ পি পি এলৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে প্ৰতিশ্ৰুতিমূলক গোহাৰি উন্মোচন কৰাৰ লগতে তিনিটাকৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৷ এই সভাত উপস্থিত থাকে ইউপিপিএলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধীৰাজ ডেকা,কেন্দ্ৰীয় সভাপতি সুশীল সৰকাৰৰ উপৰিও কেইবাগৰাকীয়ো নেতা ৷

শালবাৰীত ইউপিপিএলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

এই অনুষ্ঠানত অংশ লৈ ইউপিপিএলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধীৰাজ ডেকাই কয়, বিগত 17 বছৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচিত সংঘটিত হৈ আহিছে অবাধ দুৰ্নীতি ৷ এই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে প্ৰমোদ বড়ো, উৰ্খাও গৌৰা ব্ৰহ্মই ৷ এইবাৰ নিৰ্বাচনে বিটিচিত হাগ্ৰামা ৰাজৰ অন্ত পেলাব বুলিও মন্তব্য ইউপিপিএলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গৰাকীৰ ৷

ইয়াৰ পিছতে বিনোদ মুছাহাৰীয়ে শালবাৰী সমষ্টিৰ সাউদৰভিঠা,কালপানী বজাৰ,ভৌকামাৰীত পৃথকে পৃথকে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৷ এই অনুষ্ঠানত তেখেতৰ সৈতে উপস্থিত থাকে কনক চন্দ্ৰ বড়ো,বিউতি বসুমতাৰী, তমছেৰ আলী, আবু তাহেৰ, হাছেন আলী মোল্লা,ডালিমী খেৰকটাৰী, সত্যজিৎ বড়ো,চক্ৰ বসুমতাৰীকে ধৰি কেবাগৰাকীও দলীয় নেতৃবৃন্দ ৷

লগতে পঢ়ক-তৰুণ গগৈৰ আৰোগ্য কামনাৰে মাডাৰ বৃদ্ধাৱাসৰ প্ৰাৰ্থনা

Last Updated : Nov 22, 2020, 4:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.