ETV Bharat / state

মজুৰি বৃদ্ধিকে ধৰি কেইবাটাও দাবীত বৰপেটাত প্ৰতিবাদ নির্মাণ শ্রমিক ইউনিয়নৰ

author img

By

Published : Dec 3, 2021, 10:58 PM IST

বৰপেটাত সদৌ অসম নির্মাণ শ্রমিক ইউনিয়নৰ বৰপেটা জিলা সমিতিয়ে শুকুৰবাৰে বৰপেটা চহৰত বৃহৎ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে(Sadou Asom Nirman Shramik Union Protest) ৷ নির্মাণ শ্রমিক কল্যান আইন ৰক্ষা কৰা, নিৰ্মাণ শ্রমিকৰ কল্যাণৰ ধন নিৰ্মাণ শ্রমিকৰ কল্যাণৰ হকে খৰচ কৰা, দেশৰ নিৰ্মাণ খণ্ডকে ধৰি ৰাজহুৱা সম্পদ বিক্ৰী বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

Sadou Asom Nirman Shramik Union Protest
বৰপেটাত প্ৰতিবাদ নির্মাণ শ্রমিক ইউনিয়নৰ

বৰপেটা, ৩ ডিচেম্বৰ : চিটুৰ(Centre of Indian Trade Unions) নেতৃত্বত বৰপেটাত নিৰ্মাণ শ্ৰমিকৰ প্ৰতিবাদ । নির্মাণ শ্রমিক কল্যান আইন ৰক্ষা কৰা, নিৰ্মাণ শ্রমিকৰ কল্যাণৰ ধন নিৰ্মাণ শ্রমিকৰ কল্যাণৰ হকে খৰচ কৰা, নিৰ্মাণ শ্রমিকৰ বাবে চৰকাৰী সা-সুবিধাৰ পৰিমাণ বৃদ্ধি কৰা, ভুৱা নিৰ্মাণ শ্রমিক পঞ্জীয়ন বন্ধ কৰা, নিৰ্মাণ সামগ্ৰীকে ধৰি নিত্যব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰা আৰু দেশৰ নিৰ্মাণ খণ্ডকে ধৰি ৰাজহুৱা সম্পদ বিক্ৰী বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

CITU ৰ নেতৃত্বত বৰপেটাত সদৌ অসম নির্মাণ শ্রমিক ইউনিয়ন(Sadou Asom Nirman Shramik Union Protest) ৰ বৰপেটা জিলা সমিতিয়ে শুকুৰবাৰে বৰপেটা চহৰত বৃহৎ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে নিৰ্মাণ শ্ৰমিকৰ মাহেকীয়া মজুৰি ২১ হাজাৰ টকালৈ বৃদ্ধি কৰাৰো দাবী উত্থাপন কৰে প্ৰতিবাদী শ্ৰমিকসকলে ।

প্ৰতিবাদকাৰী সকল বৰপেটা পৌৰসভা খেল পথাৰৰ পৰা বৰপেটা চহৰৰ মাজেৰে সমদল কৰি বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত উপস্থিত হয় ৷ সমদলৰ সময়ত বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে, বৰপেটা জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি বৰ্তমান চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে সদৌ অসম নির্মাণ শ্রমিক ইউনিয়নৰ বৰপেটা জিলা সমিতিয়ে ৷

লগতে পঢ়ক: Anti Drugs Mission : নীলবাগানত 33 পেকেট ড্ৰাগছ জব্দ হোজাই আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.