ETV Bharat / state

Theft in Barpeta: ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটিলে লক্ষাধিক টকাৰ সামগ্ৰী

author img

By

Published : Nov 24, 2022, 10:20 AM IST

বৰপেটা চহৰৰ সুন্দৰীদিয়াত চুৰিকাণ্ডৰ ঘটনা ৷ কলয়াহাটীৰ দিপান্ত দাস নামৰ এজন ব্যক্তিৰ বাসগৃহত সংঘটিত হৈছে এই চুৰিকাণ্ড ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে সোণৰ অলংকাৰ, নগদ ধন, পাট-মুগাৰ কাপোৰসহ লক্ষাধিক টকাৰ সামগ্ৰী ৷ (Robbery took place in Barpeta) ৷

Robbery took place in Barpeta town
তীৰ্থ ভ্ৰমণলৈ গৈ সৰ্বস্বান্ত দিপান্ত দাসৰ পৰিয়াল

বৰপেটা, 24 নৱেম্বৰ: বৰপেটা জিলাত নিতৌ বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা (Crime in Barpeta) ৷ ড্ৰাগছ, গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ এখন গোপন বজাৰ হৈ পৰাৰ সমান্তৰালকৈ জিলাখনত বৃদ্ধি পাইছে চুৰি ডকাইতিকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা ৷ আৰক্ষীৰ চকুত ধূলি দি জিলাখনৰ বিভিন্ন প্ৰান্তত এচাম অপৰাধীয়ে নিতো সংঘটিত কৰিছে নানানটা অপৰাধজনিত ঘটনা ৷

বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত সংঘটিত এনে বহু অপৰাধজনিত ঘটনাই এতিয়া নিদ্ৰা হৰণ কৰিছে জিলাবাসীৰ ৷ বিশেষকৈ জিলাখনত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ বিগত কেইটামাহত সংঘটিত হৈছে বহুকইটা চুৰিকাণ্ড ৷ ফলত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷

শেহতীয়াকৈ পুনৰ বৰপেটা চহৰৰ সুন্দৰীদিয়াত সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা (Thief case in Barpeta) ৷ সুন্দৰীদিয়াৰ কলয়াহাটীৰ দিপান্ত দাস নামৰ এজন ব্যক্তিৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে সোণৰ অলংকাৰ, নগদ ধন, পাট-মুগাৰ কাপোৰসহ লক্ষাধিক টকাৰ সামগ্ৰী ৷ ঘৰত তলা লগাই তীৰ্থ ভ্ৰমণলৈ গৈছিল দিপান্ত দাসৰ পৰিয়ালটো ৷

ঘটনাৰ বিৱৰণী অনুসৰি, ১৮ নৱেম্বৰত ঘৰৰ পৰা পুৰীৰ জগন্নাথ ধামলৈ যাত্ৰা কৰিছিল পৰিয়ালটোৱে ৷ ফলত ঘৰত নাছিল কোনো লোক ৷ এই সুযোগতে খিৰিকীৰ গ্ৰীল ভাঙি ঘৰৰ ভিতৰত চোৰ সোমাই আলমিৰা আদি ভাঙি লুটি লৈ গ’ল সকলো ৷ ঘৰৰ আচবাব-পত্ৰৰ পৰা আদি কৰি লণ্ড-ভণ্ড কৰি থৈ যায় সকলো সা-সামগ্ৰী ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যেই ভুক্তভোগীয়ে আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ ৷

বুধবাৰে তীৰ্থভ্ৰমণ সামৰি ঘৰলৈ অহাৰ পিচতহে পোহৰলৈ আহে চুৰিৰ ঘটনাটো ৷ তীৰ্থভ্ৰমণলৈ যোৱাই যেন কাল হ’ল পৰিয়ালটোৰ বাবে ৷ ইফালে তীৰ্থভ্ৰমণলৈ গৈ পৰিয়ালটোৱে এনে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱা ঘটনাক সহজভাৱে ল’ব পৰা ওচৰ চুবুৰীয়াই ৷ উল্লেখ্য যে, দুদিন পূৰ্বে বৰপেটা চহৰত দিন দুপৰতে এঘৰত চোৰ সোমাই লুটি নিছিল সোণৰ অলংকাৰসহ বহু লক্ষাধিক টকাৰ সামগ্ৰী ৷ কেৱল এইটো ঘটনাই প্ৰথম অথবা দ্বিতীয় নহয়, বিগত কিছু দিনত এনে বহুকেইটা চুৰিৰ ঘটনা সংঘটিত হৈছে চহৰখনত (Robbery took place in Barpeta) ৷

এইক্ষেত্ৰত আৰক্ষীৰ পহৰাৰ ক্ষেত্ৰত গাফিলতি হৈছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে চহৰবাসীয়ে ৷ শেহতীয়াকৈ চহৰখনত বৃদ্ধি পোৱা চুৰি- ডকাইটিকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা ৰোধৰ বাবে আৰক্ষীক অধিক তৎপৰ হোৱাৰ আহ্বান জনাইছে বৰপেটা চহৰবাসীয়ে ৷

লগতে পঢ়ক: Thief case in Nalbari: দিন দুপৰতেই বজাৰৰ পৰা চুৰি হ’ল বাইক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.