জনীয়া, ১১ জুন: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কৰাৰকুৰ বেকী নৈৰ দলঙত শনিবাৰে নিশা সংঘটিত হৈছে ডকাইতি কাণ্ড । নিশা এজন ব্য়ৱসায়ীৰ পৰা ডকাইতৰ দলে লুটি নিলে ১,৫৪,৫০০ টকা । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্র চাঞ্চল্য ।
উল্লেখযোগ্য যে, জিলাখনৰ বলাইপাথাৰ গাঁৱৰ হাসেম আলীৰ পুত্ৰ আজিজুল হকে কলগাছিয়া কৰাৰকুৰ বজাৰত বিগত এবছৰ ধৰি বিভিন্ন সামগ্ৰীৰ পাইকাৰী ব্য়ৱসায় কৰি আহিছে । তেওঁৰ দোকানৰ পৰা সমীপৰেই খুচুৰা ব্য়ৱসায়ীসকলে সামগ্ৰী ক্ৰয় কৰে । আন দিনাৰ দৰেই শনিবাৰে নিশা প্ৰায় ১০ বজাত আজিজুল হক,পত্নী আৰু চাৰি বছৰীয়া সন্তান সহ বেকী নদীৰ দলঙৰ পূব পাৰত থকা খুচুৰা ব্য়ৱসায়ীসকলৰ পৰা টকা আনিবলৈ যায় ।
তাৰে আব্দুল ছামাদৰ পৰা ৪ হাজাৰ আৰু আব্দুল হালিমৰ পৰা ৫০০ টকা লৈ পুনৰ উভতাৰ পথত কৰাৰকুৰ বেকী নৈৰ দলঙৰ মাজভাগত হঠাৎ দুজন মটৰ চাইকেল আৰোহীয়ে আজিজুল হকৰ বাইকৰ সন্মুখত আগুচি ধৰে । আনহাতে, একে সময়তে অন্য এখন মটৰ চাইকেলত তিনিজন অচিনাকি ব্যক্তিয়ে পিষ্টল আৰু ডেগাৰেৰে ভয় ভাবুকি দেখুৱাই আজিজুল হকৰ লগত থকা ১,৫৪,৫০০ টকাৰ মোনা আৰু এটা এন্দ্ৰইড মোবাইল কাঢ়ি লৈ যায় ।
উল্লেখ্য যে, এই পাঁচজনীয়া ডকাইতৰ দলৰ মাজত ভুক্তভোগী আজিজুল হকে এজন ডকাইতক চিনাক্ত কৰিবলৈ সক্ষম হৈছে । এই ডকাইতটো হৈছে কলগাছিয়াৰ বাহাৰ বজাৰৰ নিমাই আলীৰ পুত্ৰ ছাহজাহান আলী ওৰফে বুঢ়া । ইতিমধ্যে ভুক্তভোগী আজিজুল হকে এই সন্দৰ্ভত দেওবাৰে দুপৰীয়া কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।
ইপিনে, স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে, বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কৰাৰকুৰ বেকী নৈৰ দলঙত অসামাজিক কাৰ্যকলাপ চলি থাকে । ৰাইজে এনে এনে অসামাজিক কাৰ্যকলাপ আৰক্ষীক কঠোৰ হাতেৰে দমন কৰিবলৈ আহ্বান জনাইছে ।
লগতে পড়ক:Mangaldoi Sports Association : মঙলদৈ ক্ৰীড়া সন্থাৰ ভিতৰ চ’ৰাত খোৱা কামোৰা লগাৰ অভিযোগ