ETV Bharat / state

যিশুখ্ৰীষ্টৰ সোণৰ মূৰ্তিসহ হাউলী আৰক্ষীৰ জালত 8 জনীয়া ডকাইতৰ দল - হাউলী আৰক্ষী

হাউলী আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীৰ এটা দলে, যিশুখ্ৰীষ্টৰ সোণৰ, 40 শহস্ৰাধিক টকাসহ 8 জনীয়া এটা অভিযুক্ত ডকাইতৰ দল আটক কৰে ৷

as_bar_802to804_12jun_dacoit_arrested_vis+bite+photo_7203841
যিশুখ্ৰীষ্টৰ সোণৰ মূৰ্তিসহ হাউলী আৰক্ষীৰ জালত 8 জনীয়া ডকাইতৰ দল
author img

By

Published : Jun 12, 2020, 2:02 PM IST

বৰপেটা, ১২ জুনঃ হাউলী আৰক্ষীয়ে বৃহস্পতিবাৰে আটক কৰে এটা 8 জনীয়া অভিযুক্ত ডকাইতৰ দল ৷ আটকাধীন লোক কেইজনৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে আঢ়ৈ কিলোগ্ৰাম ওজনৰ এটা সোণৰ যিশুখ্ৰীষ্টৰ মূৰ্তি ৷ হাউলী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীৰ এটা দলে অভিযুক্ত কেইজনক আটক সক্ষম হয় ৷

যিশুখ্ৰীষ্টৰ সোণৰ মূৰ্তিসহ হাউলী আৰক্ষীৰ জালত 8 জনীয়া ডকাইতৰ দল

হাউলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে উল্লেখ কৰা অনুসৰি, অভিযুক্ত ডকাইতৰ দলটো দুখন এল্টো গাড়ীৰে গোৱালপাৰাৰ পৰা বৰপেটা অভিমুখে আহি থকা অৱস্থাত হাউলী চহৰত গ্ৰপ্তাৰ কৰে আৰক্ষীয়ে ৷ দলটোৰ সৈতে আৰক্ষীয়ে যিশুখ্ৰীষ্টৰ সোণৰ মূৰ্তিৰ ওপৰিও 40 শহস্ৰাধিক টকা, ডকাইতিত ব্যৱহৃত কিছু সৰঞ্জাম, AS-01- LC-6537 নম্বৰৰ এল্টো এখন, আন এখন নম্বৰপ্লেট বিহীন এল্টো আৰু 8 টা মোবাইল ফোন জব্দ কৰে ৷

যিশুখ্ৰীষ্টৰ সোণৰ মূৰ্তিৰ ওপৰিও 40 শহস্ৰাধিক টকা, ডকাইতিত ব্যৱহৃত কিছু সৰঞ্জাম আৰু 8 টা মোবাইল ফোন জব্দ

আটকাধীন অভিযুক্ত কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁলোক গোৱালপাৰা জিলাৰ ৰাখালডুবিৰ চফিউৰ ৰহমান, ৰকিবুল ইছলাম, চাহাজুল ইছলাম, মুজাম্মেল হ'ক, মাৰকুল্লা কামাল বজাৰৰ মুক্তাৰ হুছেইন, আব্ৰাভিঠা গাঁৱৰ নুৰ আহচান, বালাৰভিঠা গাঁৱৰ চানিদুল ইছলাম আৰু বঙাইগাঁৱৰ ধনতোলাৰ ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ ছয়গাঁৱত জালনোটসহ আটক তিনি ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.