বৰপেটা ১৮ ডিচেম্বৰ: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ পৰা নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক ৰক্ষা কৰাৰ বাবে তেওঁলোকক সজাগ কৰাতো বৰ্তমান আৱশ্যক হৈ পৰিছে । বহু সময়ত তীব্ৰ বেগত বাইক চলোৱাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ বহু যুৱকে প্ৰাণ হেৰুওৱা পৰিলক্ষিত হয় । সাৱধনতা অৱলম্বন কৰি এনে ভয়াৱহ দুৰ্ঘটনাৰ পৰা কেনেকৈ ৰক্ষা পৰিব পাৰি, সেই সন্দৰ্ভত শুক্ৰবাৰে বৰপেটাস্থিত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ফেকাল্টি ক্লাবৰ আহ্বান মৰ্মে জিলাখনৰ পৰিবহণ বিভাগে এখন সজাগতা সভাৰ আয়োজন কৰে ।
এই পথ সুৰক্ষা সজাগতা সভাত উপস্থিত থাকে জিলা প্ৰশাসনৰ বিষয়া, আৰক্ষী বিষয়া, জিলা স্বাস্থ্য বিষয়াৰ লগতে পৰিবহণ বিষয়াসকল । ছাত্ৰ-ছাত্ৰীসকলক হেলমেট পৰিধান নকৰাকৈ বাইক নচলাবলৈ আহ্বান জনায় প্ৰশাসনৰ বিষয়াসকলে ৷ উল্লেখ্য যে, চলিত বছৰত বৰপেটাত পথ দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো লোকৰ মৃত্যু হৈছে ৷
সেয়ে, দুৰ্ঘটনা ৰোধৰ প্ৰয়াস হিচাপে বৰপেটা জিলা পৰিবহণ বিষয়া হিমাংশু দাসে জিলাখনত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ এইক্ষেত্ৰত অভিভাৱকসকলকো সজাগ হ'বলৈ আহ্বান জনায় পৰিবহণ বিষয়াগৰাকীয়ে ৷