ETV Bharat / state

Mechanized boat: বৰপেটাৰ কান্দাপাৰাত যন্ত্ৰচালিত নাৱেৰে বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ

author img

By

Published : Jul 19, 2022, 2:20 PM IST

জনীয়া সমষ্টিৰ অন্তৰ্গত কান্দাপাৰাত থকা কাঠৰ দলং বানপানীত উটি যোৱাৰ ফলত হাৰাশাস্তি ৰাইজৰ । বিপদসংকুলভাৱে যন্ত্ৰচালিত নাৱেৰে নিতৌ যাত্ৰা কৰিছে ছাত্ৰ-ছাত্ৰীয়ে (Students travelling by dangerously mechanized boat)। অতি শীঘ্ৰে দলং নিৰ্মাণৰ দাবী ৰাইজৰ ।

Road
বৰপেটাৰ কান্দাপাৰাত যন্ত্ৰচালিত নাৱেৰে বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ

জনীয়া,১৯ জুলাই : শেহতীয়া বানত বৰপেটা জিলাত বিস্তৰ ক্ষতি হোৱা দেখা গৈছে (Flood affects in Barpeta)। কেইবাটাও মূল পথ ধ্বংস হোৱা দেখা গৈছে । ইফালে বাঢ়নি পানীয়ে জিলাখনৰ গুৰুত্বপূৰ্ণ দলং উটুৱাই লৈ গৈছে । যাৰ বাবে বহু অঞ্চলৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিবলগীয়া হৈছে ।

বৰপেটাৰ কান্দাপাৰাত যন্ত্ৰচালিত নাৱেৰে বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ060///finalout3/assam-nle/finalout/19-July-2022/15864497_bar3_aspera.mp4

তেনে এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে জনীয়া সমষ্টিৰ অন্তৰ্গত কান্দাপাৰাত । চাউলখোৱা নদীৰ ওপৰত থকা কাঠৰ দলংখন বানে উটুৱাই লৈ যোৱাৰ ফলত যন্ত্ৰচালিত নাৱেৰে বিপদসংকুলভাবে যাতায়ত কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে (communication system in Barpeta)। অতি ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে নিতৌ ছাত্ৰ-ছাত্ৰীসকলে নাৱেৰে যাত্ৰা কৰিবলগীয়া হৈছে ।

উল্লেখ্য যে জনীয়াৰ পৰা বৰপেটা আৰু মন্দিয়ালৈ যোৱা একমাত্ৰ পথৰ মাজত থকা চাউলখোৱা নৈৰ ওপৰত নিৰ্মাণ হৈ আছে পকী দলং । নিৰ্মীয়মান দলংখনৰ কাম শামুকীয়া গতিত হোৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ হেঁচাত ঠিকাদৰে যাতায়ত কৰাৰ বাবে নিৰ্মাণ কৰি দিছিল এখন অস্থায়ী কাঠৰ দলং । কিন্তু শেহতীয়া বানত কাঠৰ দলঙৰ আধা অংশ বাঢ়নি পানীয়ে উটুৱাই লৈ যোৱাৰ ফলত মৰণক শৰণ দি নাৱেৰে অঞ্চলটোৰ ৰাইজে যাতায়ত কৰিবলগীয়া হৈছে ।

কিন্তু ৰাজ্যৰ বিভিন্ন ঠাইত নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো প্ৰশাসনে এই দৃশ্য দেখিও কোনো পদক্ষেপ হাতত লোৱা নাই । চাউলখোৱা নদীৰ ওপৰত নিৰ্মীয়মান দলঙৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ।

লগতে পঢ়ক :চিকিৎসালয়ৰ পৰা ওলায়েই ৰোগীৰ মৃত্যু: ডাম্পাৰে মহতিয়াই নিলে ৰোগীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.