জনিয়া, 25 ছেপ্টেম্বৰ : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দেৱকুৰা গাঁৱত শনিবাৰে বিয়লি এক ভয়াবহ পথ দুৰ্ঘটনা সংগঠিত হয় । উল্লেখযোগ্য যে, কলগাছিয়াৰ পৰা বৰপেটা ৰ’ড অভিমুখী মালবাহী ট্ৰাক এখনে তীব্ৰবেগে ই-ৰিক্সা সহ খৰিচালাৰ পৰা AS 19 D 2150 লাংলা অভিমুখে গৈ থকা নম্বৰৰ হিৰ’ গ্লেমাৰ বাইক এখনত খুন্দা মাৰে ।
ফলত বাইক আৰোহী দুজন ক্ৰমে হালধীয়া গাঁৱৰ ৰকিবুল ইছলাম (১৬), লাংলা গাঁৱৰ আশ্ৰাফুল ইছলাম (১৭)ৰ লগতে ই-ৰিক্সাত থকা খাটাকুচি গাঁওৰ ফজিলা খাতুন (৪০) আৰু মফিদা খাতুন (৩৬) গুৰুতৰভাৱে আহত হয় ।
লগে লগে স্থানীয় ৰাইজে আহত লোক সকলক বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও বাইক আৰোহী আশ্ৰাফুলৰ অৱস্থা সংকটজনক হোৱা বাবে বৰপেটা ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।
ইতিমধ্যে, প্ৰত্যক্ষদৰ্শী ৰাইজে জনোৱা মতে ঘটনাস্থলীৰ পৰা ট্ৰাক খন পলায়ন কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে কংগ্ৰেছ শূন্য তিনিচুকীয়াত APCCৰ সভাপতি ভূপেন বৰা