জনীয়া,20 এপ্ৰিল : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া অসামৰিক চিকিৎসালয়ৰ সমীপত সোমবাৰে নিশা 9 বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ প্ৰাপ্ত তথ্য অনুসৰি, AS-01- BK -5533 নম্বৰৰ এখন টাটা ইণ্ডিগ’ চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বৈদ্যুতিক খুঁটাত খুন্দা মাৰে ৷ কলগাছিয়াৰ পৰা হাউলী অভিমুখে গৈ আছিল চাৰিচকীয়া বাহনখন ৷
দুৰ্ঘটনাৰ ফলত চালক নুৰ মহম্মদসহ তিনিজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও বাহনখনৰ সন্মুখভাগ ভাঙি চূৰমাৰ হয় ৷ ইয়াৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন থানালৈ লৈ যায় ৷
লগতে পঢ়ক : ধুবুৰীত ক’ৰণাত আক্ৰান্ত ৪২ গৰাকী লোক