ETV Bharat / state

বেঁকী নৈৰ বুকুত চপৰা-চপৰে জাহ গ’ল এটা পথ

চপৰা-চপৰে খহিছে এটা পকী পথ। চকুৰ পচাৰতে পথটো জাহ গল বেঁকী নৈৰ বুকুত । কিন্তু নাই কোনো পথটো ৰক্ষাৰ কোনো ব্যৱস্থা । তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে এখন শিক্ষানুষ্ঠান আৰু এখন বজাৰলৈ ।

river-erosion-creates-havoc-in-moinbari
বেঁকী নৈৰ বুকুত চপৰা-চপৰে জাহ গ’ল এটা পথ
author img

By

Published : Jun 8, 2021, 4:19 PM IST

জনিয়া, 8 আগষ্ট : বৰপেটা জিলাৰ বাঘবৰ সমষ্টি তথা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কিসমত মইনবড়ীত বিগত কেইবাদিন ধৰি চলি থকা বেঁকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷ ফলস্বৰূপে, তাৰাকান্দিৰ পৰা ছিকাটাৰীলৈ যোৱা লোক নিৰ্মাণ বিভাগ (PWD) ৰ পথটো গৰাখহনীয়াৰ কৱলত পৰি সম্প্ৰতি জাহ গৈছে বেঁকী নৈৰ বুকুত ।

বেঁকী নৈৰ বুকুত চপৰা-চপৰে জাহ গ’ল এটা পথ

কিন্তু, খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা নাই বিভাগীয় কৰ্তৃপক্ষৰ । উল্লেখযোগ্য যে, বেঁকী নৈৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে কিসমত মইনবড়ী নৱনুৰ হাই মাদ্ৰাছাৰ লগতে জয়পুৰ -ছিকাটাৰী আঞ্চলিক বজাৰলৈও। কিন্তু, ইয়াকলৈ কাণসাৰ নাই বাঘবৰৰ বিধায়ক স্থানীয় শ্বেৰমান আলী আহমেদ তথা সাংসদ আব্দুল খালেকৰ ।

অঞ্চলটোৰ ৰাইজৰ এই সমস্যাৰ প্ৰতি চিন্তিত হোৱা দেখা যোৱা নাই বৰপেটা লোক নিৰ্মাণ বিভাগকো । সম্প্ৰতি, অতি সোনকালে খহনীয়া প্ৰতিৰোধৰ বাবে কাম হাতত ল’বলৈ অসম চৰকাৰৰ জলসম্পদ বিভাগ, বৰপেটা জিলা প্ৰশাসন, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু সাংসদ আব্দুল খালেকৰ ওচৰত দাবী উত্থাপন কৰিছে ৰাইজে।

লগতে পঢ়ক: বিবদমান অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন গোলাঘাটৰ উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.