বৰপেটাৰোড, 7 মাৰ্চঃ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ সমষ্টি সৰভোগত শনিবাৰে কংগ্ৰেছ দলে চলায় অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা,ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত শনিবাৰে সন্ধিয়া সৰভোগত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ এই যাত্ৰাত ৰিপুন বৰাই শাসকীয় বিজেপি দলক কঠোৰ সমালোচনা কৰাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসক প্ৰত্যাহ্বান জনাই কয়, যেতিয়ালৈকে ‘কা’ বাতিল কৰা নহয় তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব ৷
ৰিপুন বৰাই লগতে কয় যে, ভাৰতবৰ্ষৰ এখনৰ পাছত আন এখনকৈ ৰাজ্যত ক্ৰমান্বয়ে বিজেপি উৎখাত হৈছে ৷ শেহতীয়াকৈ দিল্লীতো বিজেপি উৎখাত হৈছে ৷ সেয়েয়ে আগন্তুক ২০২১ত অসমৰ পৰাও বিজেপি উৎখাত হ’ব ৷ ইয়াৰ উপৰিও তেখেতে বিজেপি দলটোক নাট্যকাৰ আখ্যা দি নৰেন্দ্ৰ মোদী -অমিত শ্বাহক ভাঁৱৰীয়া বুলি কোৱাৰ লগতে হিমন্ত বিশ্ব শৰ্মায়ো ভাল কাপোৰ পিন্ধি বাজেটক লৈ ভাঁও দিছে বুলি কটাক্ষ কৰে ৷ আনহাতে, সভাৰ অন্তত সৰভোগ চহৰৰ মাজেৰে জোৰ সমদল উলিয়ায় কংগ্ৰেছে ৷ কংগ্ৰেছৰ এই অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰাত কংগ্ৰেছ নেতা অপূৰ্ব ভট্ৰাচাৰ্য, কমল কুমাৰ মেধি, প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান, ৰাজীৱ হক, জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাকে ধৰি কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত থাকে ৷