পাঠশালা, 21 জুলাই: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উভতি ধৰিলে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ বৰপেটা জিলাৰ বান পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ আহি সৰ্বানন্দ সোণোৱালক সমালোচনা কৰে ৰিপুণ বৰাই ৷
আজিলৈকে কেন্দ্ৰৰ পৰা কিমান টকা আনিলে তাৰ হিচাপ বিচাৰিলে ৰিপুণ বৰাই ৷ লগতে তেওঁ মন্তব্য কৰে যে,আগন্তুক চৰকাৰ কংগ্ৰছ আৰু মিত্ৰজোঁটৰ হ'ব ৷ শীঘ্ৰেই কংগ্ৰেছৰ নেতৃত্বত হ'ব বিজেপি বিৰোধী মহাজোঁট ৷ কংগ্ৰেছে আৰম্ভ কৰিছে মিছন-80 ৷ অখিল গগৈয়ে নিৰ্বাচন খেলিলে সমৰ্থন জনাব কংগ্ৰেছে ৷ ৰাষ্ট্ৰীয় ঘাইপথত টোলগেট স্থাপন কৰি বিজেপিয়ে দিন ডকাইতি চলাইছে বুলিও মন্তব্য কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷
বিজেপি,বিভিন্ন দল আৰু বহু সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ ব্যক্তিয়ে কংগ্ৰেছত যোগদানৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে বুলিও জানিবলৈ দিয়ে ৰিপুণ বৰাই ৷
লগতে পঢ়ক : চিৰাঙৰ বান-গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ