ETV Bharat / state

ৰিং বান্ধ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

author img

By

Published : Jan 15, 2021, 1:40 PM IST

কলগাছিয়াৰ লাচাংগা গাঁও পঞ্চায়তত 23 লাখ টকা ব্যয় সাপেক্ষে বেকী নৈত নিৰ্মাণ কৰা ৰিং বান্ধত চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ চেষ্টা কৰিছে ঠিকাদাৰে ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

ring bandh corruption
কলগাছিয়া ৰিং বান্ধ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

জনিয়া,15 জানুৱাৰী : বৰপেটা জিলাৰ কলগাছিয়াৰ গলিয়াত অবৈধভাৱে বালি খনন কাৰ্য চলাৰ অভিযোগ উত্থাপন হৈছে ৷ ৰূপসী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত লাচাংগা গাঁও পঞ্চায়তত চৰকাৰী আঁচনি ধোঁৱা চাঙত তুলি ঠিকাদাৰে বালি খনন কৰি নিৰ্মাণ কৰিছে ৰিং বান্ধ ৷ ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তক তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

ৰাইজৰ অভিযোগ অনুসৰি, চৰকাৰৰ এমজিএনৰেগা আঁচনিৰ ধন আত্মসাৎ কৰাত ব্যস্ত হৈ পৰিছে একাংশ জনপ্ৰতিনিধি, ঠিকাদাৰ আৰু চৰকাৰী বিষয়ববীয়া । পঞ্চায়তটোৰ আঞ্চলিক সদস্যা আমেলা খাতুনৰ এলেকাৰ উন্নয়ন পুঁজিৰ পৰা 2020-21 বিত্তীয় বৰ্ষত 23 লাখ টকা ব্যয় সাপেক্ষে বেকী নৈত ৰিং বান্ধৰ আঁচনি ধাৰ্য কৰি চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ চেষ্টা কৰা হৈছে ৷

উল্লেখ্য যে, জবকাৰ্ডৰ শ্ৰমিকৰ কাম কৰাৰ সুবিধা থকা স্বত্বেও উক্ত কামত ট্ৰেক্টৰৰ জৰিয়তে মাটি বহন কৰা হৈছে । আনহাতে অবৈধ ভাৱে নদীৰ বালি খনন কৰি ৰাস্তাৰ কামো কৰা হৈছে । মন কৰিবলগীয়া যে, ৰিং বান্ধৰ কাম কমেও 8 ফুট ওখ আৰু 12 ফুট বহল হ’ব লাগে যদিও নিৰ্মাণ কাৰ্য়ত জড়িত ঠিকাদাৰে তত্বাৱধানত থকা বিষয়াৰ ছত্ৰছায়াত মাত্ৰ 2/3 ফুট ওখ আৰু 5/6 ফুট বহলকৈ বালি পেলাই আঁচনিৰ ধন আত্মসাৎ কৰাৰ প্ৰয়াস কৰিছে ।

ৰাইজে অভিযোগ কৰে যে, ৰ’দ-বতাহত পথৰ আধা বালি গুচি যাব আৰু প্ৰথম বানপানীতেই পথটো ছিঙি যোৱাৰ সম্ভৱনা প্ৰকট । সেয়েহে অবৈধ বালি খনন বন্ধ কৰিবলৈ আৰু বৰপেটাৰ উপায়ুক্তক এই কামৰ তদন্তমৰ্মে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে কলগাছিয়াবাসীয়ে ।

লগতে পঢ়ক : বিশ্বনাথত পুনৰ বনৰীয়া ম’হে প্ৰাণ কাঢ়িলে এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.