বৰপেটা, ২৬ মে': ৰাজ্যৰ ৯৬ খন আৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰ বন্ধৰ নিৰ্দেশক লৈ শিক্ষক-শিক্ষয়ত্ৰীৰ মাজত হাহাকাৰ (Residential Special Training Centres ordered closure) ৷ অসম সৰ্বশিক্ষা অভিযান মিছনৰ সঞ্চালকে ৰাজ্যৰ ৯৬ খন আৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰ বন্ধৰ নিৰ্দেশ প্ৰদানৰ পিচতে আৱাসিক কেন্দ্ৰ সমুহত কৰ্মৰত শিক্ষক-শিক্ষয়ত্ৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷
আধাতে বিদ্যালয় এৰা, ইটাৰভাটা বা কল-কাৰখানা, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত কৰ্মৰত শিশু-কিশোৰ আদিক শিক্ষা প্ৰদানৰ বাবে সৰ্বশিক্ষা মিছন অভিযানৰ অধীনত ৰাজ্যত স্থাপন কৰা হৈছিল আৱাসিক বিদ্যালয়সমুহ (Residential Special Training Centres in Assam) ৷ দুখীয়া, অভাৱগ্ৰস্ত পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে আৱাসিক বিদ্যালয়সমুহত থাকি শিক্ষা গ্ৰহণ কৰিছিল ৷
কিন্তু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বিত্তীয় অনুদান নোহোৱাৰ অজুহাত দেখুৱাই ৩১ মে'ত ৰাজ্যৰ সকলো আৱাসিক বিদ্যালয় বন্ধৰ নিৰ্দেশ দিয়া হয় ৷
ইয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰে বৰপেটা জিলা আৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে বৰপেটাত সংবাদমেল সম্বোধন কৰি চৰকাৰক এই সিদ্ধান্তৰ পুনৰ বিবেচনাৰ দাবী জনায়(Press conference against decision to close RSTC) ৷
২০০৩ চনৰ পৰাই উক্ত বিদ্যালয় কৰ্মৰত অধিকাংশ শিক্ষক শিক্ষয়ত্ৰীৰ ইতিমধ্যে চাকৰিৰ বয়সৰ সীমা অতিক্রম কৰাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰ সমূহ যাতে বন্ধ নহয় আৰু চুক্তিৰ ম্যাদ যাতে বৃদ্ধি কৰা হয় এই বিষয়ে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ৷
লগতে পঢ়ক: ছমৰীয়াত অসম চৰকাৰৰ পাঠ্যপুথি ভৰ্তি দুখন ট্ৰাক জব্দ