ETV Bharat / state

বৰপেটাত ৭২ সংখ্যক গণৰাজ্য দিৱস পালন - চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন । বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ।

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

author img

By

Published : Jan 26, 2021, 1:14 PM IST

বৰপেটা, ২৬ জানুৱাৰী: ভাৰতৰ সংবিধান গৃহীত হোৱাৰ দিনটো আজি সমগ্ৰ দেশবাসীয়ে উলহ-মালহেৰে পালন কৰিছে । অসমতো জিলাই জিলাই প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে গণৰাজ্য দিৱসৰ অনুষ্ঠান । আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আইন,ন্যায় আৰু গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ।

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

পতাকা উত্তোলনৰ পিছতে আৰক্ষী,গৃহৰক্ষী বাহিনী,চি আৰ পি এফ,স্কাউট এণ্ড গাইড,এনচিচি আৰু একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেড প্ৰদৰ্শন কৰে ।মন্ত্ৰীগৰাকীয়ে সামৰিক অভিবাদন গ্ৰহণ কৰি ভাষণ প্ৰসংগত ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন চৰকাৰী আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে ৷ অনুষ্ঠানত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা,আৰক্ষী অধীক্ষক ড০ ৰবীন কুমাৰকে ধৰি জিলাখনৰ সকলোবোৰ বিভাগৰ বিষয়াসকলৰ লগতে একাংশ কৰ্মচাৰীও উপস্থিত থাকে ৷

গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাইজেও অংশগ্ৰহণ কৰে ৷ গণৰাজ্য দিৱস উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয় ৷ লগতে সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ উপৰিও জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয় ৷

লগতে পঢ়ক:চিৰাঙত উৎখাত তেলচুৰি চক্ৰ,আটক এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.