ETV Bharat / state

কাৰ্গিল যুদ্ধৰ প্ৰথম বীৰ শ্বহীদক স্মৰণ

author img

By

Published : Jun 25, 2021, 7:10 AM IST

সীমান্তত অতন্দ্ৰ প্ৰহৰী হৈ আমাক সুৰক্ষিত কৰি ৰাখি আত্ম বলিদান দিয়া বীৰ শ্বহীদসকলৰ ত্যাগক উচিত মুল্য দিব চৰকাৰে । শ্বহীদ পৰিয়ালৰ লগত সকলো সময়তে আমাৰ চৰকাৰ কাষত থিয় দিব । এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি তথা চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ।

remembering-the-first-heroic-martyr-of-kargil
কাৰ্গিলৰ প্ৰথম বীৰ শ্বহীদক স্মৰন

পাঠশালা, 25 জুন : 1999 চনৰ 26 জুলাইত কাৰ্গিলৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰিছিল ভাৰতবৰ্ষই । দেশমাতৃৰ বাবে সাহসেৰে যুঁজি শ্বহীদ হৈছিল বীৰ জোৱানসকল ৷ সীমান্তত অতন্দ্ৰ প্ৰহৰী হৈ আমাক সুৰক্ষিত কৰি ৰাখি আত্মবলিদান দিয়া বীৰ শ্বহীদসকলৰ ত্যাগক উচিত মূল্য দিব চৰকাৰে ।

শ্বহীদ পৰিয়ালৰ কাষত সকলো সময়তে আমাৰ চৰকাৰ থিয় দিব । এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি তথা চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । 1999 চনৰ 24 জুনত সীমান্তৰ সেনানী হিচাপে কৰ্তব্যৰত হৈ দেশৰ ৰক্ষাত প্ৰাণ আহুতি দি দেশ ৰাজ্যৰ লগতে বজালীবাসীক ধন্য কৰা কাৰ্গিলৰ প্ৰথম শ্বহীদৰ 22 সংখ্যক মৃত্যু দিৱসত বৃহস্পতিবাৰে বজালী জিলা সাংবাদিক সন্থা আৰু পাঠশালা প্ৰেছ ক্লাবৰ উদ্যোগত আৰু শ্বহীদ গৰাকীৰ পৰিয়ালৰ সহযোগত পাঠশালাৰ আৱাহন থিয়েটাৰৰ বাকৰিত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই মন্তব্য কৰে দাসে ৷

কাৰ্গিলৰ প্ৰথম বীৰ শ্বহীদক স্মৰন

বজালী জিলা সাংবাদিক সন্থাৰ সম্পাদক হীৰেন কলিতাই আঁত ধৰা আৰু প্ৰেছ ক্লাবৰ সভাপতি কৈলাস চৌধুৰী সহকাৰী সম্পাদক অখিল কাকতিয়ে পৰিচালনা কৰে এই অনুষ্ঠান ৷

বজালী জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই বজালীৰ সাংবাদিকসকলে শ্বহীদক স্মৰন কৰাটো ভাল কথা এনে কাৰ্যই আমাক সুৰক্ষা আৰু সাহস দিয়া লক্ষ লক্ষ সেনা জোৱানক সাহস-প্ৰেৰণা দিব বুলি মন্তব্য কৰে ৷ এই অনুষ্ঠানত বজালীৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস আৰু নাট্যযোদ্ধা কৃষ্ণ ৰয়ৰ উপস্থিতিত শ্বহীদ গৰাকীৰ মাতৃ ঠগেশ্বৰী দাসে বন্তি প্ৰজ্বলন কৰে । অনুষ্ঠানত নাট্য যোদ্ধা কৃষ্ণ ৰয়ে উদ্ধৱ দাসৰ উপৰিও সকলো শ্বহীদক স্মৰণ কৰে ।

অনুষ্ঠানত শ্বহীদ গৰাকীৰ মাতৃ আৰু ভগ্নী জয়ন্তী দাসে প্ৰয়াত পুত্ৰ-ভাতৃক লৈ গৌৰাম্বিত হোৱাৰ লগতে দেশৰ সকলো বীৰ জোৱানক আশীৰ্বাদ প্ৰদান কৰে ৷ অনুষ্ঠানত বজালীৰ সমূহ সাংবাদিক যুৱ ছাত্ৰ পৰিষদৰ দুই কেন্দ্ৰীয় নেতা বিজন বায়ন, মৃদুল তালুকদাৰ আদি উপস্থিত থকা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই জিলা সাংবাদিক সন্থাৰ সভাপতি নৱকান্ত কলিতাই ৷

লগতে পঢ়ক: কিয় ক্ষোভিত কাৰ্বি-ডিমাচা সংঘৰ্ষৰ শ্বহীদ পৰিয়াল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.