ETV Bharat / state

সৰ্থেবাৰী অঞ্চলৰ কাঁহ শিল্পীৰ পৰিয়াললৈ আৰক্ষীৰ ফালৰ পৰা সহায়ৰ হাত

author img

By

Published : Apr 22, 2020, 4:47 PM IST

বৰপেটা সদৰ উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত সৰ্থেবাৰী অঞ্চলত প্ৰায় দুশটা কঁহাৰ শিল্পীৰ পৰিয়াললৈ আৰক্ষীৰ ফালৰ পৰা সহায়ৰ হাত আগবঢ়োৱা হয় ৷

relief-distributed-by-barpeta-police
সৰ্থেবাৰী অঞ্চলৰ কাঁহ শিল্পীৰ পৰিয়াললৈ আৰক্ষীৰ ফালৰ পৰা সহায়ৰ হাত

বৰপেটা ২২ এপ্ৰিল : দেশজুৰি চলা লক ডাউনৰ বাবে বন্ধ হৈ আছে ঐতিহাসিক সৰ্থেবাৰীৰ কাঁহৰ গঢ়শাল সমূহ । গঢ়শাল বন্ধ হৈ থকাত আৰ্থিক দৈন্যতাত ভুগিব লগীয়া হৈছে কাঁহ শিল্পীসকলো । এই লোক সকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে বৰপেটা সদৰ উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত সৰ্থেবাৰী অঞ্চলত প্ৰায় দুশটা কঁহাৰ শিল্পীৰ পৰিয়াললৈ আৰক্ষীৰ ফালৰ পৰা সহায়ৰ হাত আগবঢ়োৱা হয় ৷ ।

আৰক্ষীৰ ফালৰ পৰা কঁহাৰ শিল্পীৰ পৰিয়ালসমূহলৈ চাউল,দাইল,তেল,ৰঙালাউ,নিমখ,মাস্ক,চেনিটাইজাৰ আদি বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয় । দুখীয়া কাঁহ শিল্পী সকলক এইদৰে সহায় কৰাত স্থানীয় ৰাইজে আৰক্ষীৰ এনে পদক্ষেপক আদৰণি জনায় । লগতে পঢ়ক : ধৰিত্ৰী দিৱসৰ ৰূপালী জয়ন্তীত NASAৰ বিশেষ ভিডিঅ‘

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.