ETV Bharat / state

বৰপেটাৰ দৌল উৎসৱত সপত্নীক উপস্থিত ৰনজিৎ দাস - বৰপেটা সত্ৰত পত্নীৰ সৈতে উপস্থিত ৰনজিৎ দাস

বৰপেটা সত্ৰত অনুষ্ঠিত দৌল মহোৎসৱৰ ভৰদৌলৰ আজি দ্বিতীয় দিন ৷ সেই উপলক্ষে বৰপেটা সত্ৰত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাস আৰু তেওঁৰ পত্নী ৷ বিজেপিৰ কেইবাগৰাকীও নেতা কৰ্মীৰ সৈতে পত্নীক লগত লৈ ৰনজিৎ দাসে সত্ৰত উপস্থিত হৈ সেৱা জনোৱাৰ লগতে ভাগ লয় হোলীগীতত ৷

বৰপেটাৰ দৌল উৎসৱ
দৌল উৎসৱত সপত্নীক উপস্থিত ৰনজিৎ দাস
author img

By

Published : Mar 10, 2020, 8:27 PM IST

বৰপেটা, 10 মাৰ্চ : বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ ভৰদৌলৰ দিনা উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ দাস আৰু তেওঁৰ পত্নী ৷ আমদানিকৃত ফাকুৰ পৰিৱৰ্তে প্ৰাকৃতিকভাৱে ফাকু প্ৰস্তুত কৰা কাৰ্যক আদৰণী জনায় বিজেপি নেতাগৰাকীয়ে ৷ কৰ'ণাভাইৰাছক লৈ বিজেপি কৰ্মীসকলক সচেতন হোৱাৰো আহ্বান জনায় ৰনজিৎ দাসে ৷

দৌল উৎসৱত সপত্নীক উপস্থিত ৰনজিৎ দাস

কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপি আগমন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসমত বিজেপি এতিয়াও শক্তিশালী স্থিতিত আছে আৰু অসমত মিছন 100+ সফল হ'ব বুলি প্ৰকাশ কৰে ৰনজিৎ দাসে ৷ অসমৰ ৰাইজে 100 খনতকৈয়ো অধিক আসনেৰে বিজেপি মিত্ৰজোঁটক অসমত 2021 চনত শাসনত অধিষ্ঠিত কৰিব বুলিও মন্তব্য কৰে দাসে ৷ কংগ্ৰেছ-এআইইউডিএফ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি জানিয়েই অসমৰ ৰাইজে বিজেপি মিত্ৰজোঁটক শাসনত অধিষ্ঠিত কৰিব বুলি প্ৰকাশ কৰে বিজেপিৰ নেতাগৰাকীয়ে ৷ আনহাতে, ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰনজিৎ দাসে ৷ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰিয়ংকা গান্ধীৰ নাম ওলোৱা সম্পৰ্কত কংগ্ৰেছে সদায়েই বাহিৰা প্ৰাৰ্থীক ৰাজ্যসভালৈ পঠায় বুলি কটাক্ষ কৰি বিজেপিয়ে স্থানীয় প্ৰাৰ্থীকহে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে ৷

আৰু পঢ়ক : নৱনীতা দাসঃ সোঁতৰ বিপৰীতে গৈ আনৰ বাবে আদৰ্শ হৈ পৰা যুৱতীগৰাকী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.