ETV Bharat / state

পাটাছাৰকুছিত আত্মপ্ৰকাশ ৰঞ্জিত কুমাৰ দাসৰ

author img

By

Published : Jan 13, 2021, 8:02 PM IST

বুধবাৰে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে বিজেপিয়ে ৷ পাটাছাৰকুছি সমষ্টিত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ ঘটালে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷

ranjit-das-and-himanta-biswa-sarma-at-pathsala
পাটাছাৰকুছিত আত্মপ্ৰকাশ ৰঞ্জিত কুমাৰ দাসৰ

পাঠশালা, 13 জানুৱাৰী : বজালীত বুধবাৰে বিজেপিয়ে নিৰ্বাচনী ৰনডংকা বজোৱা পৰিলক্ষিত হয় ৷ বুধবাৰে পাঠশালাত কেবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে আহি উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰথমে পাঠশালাৰ ঐতিহাসিক ডুবি পৰিহৰেশ্বৰ দেৱালয়ত উপস্থিত হৈ বিজেপিৰ মংগল কামনা কৰি পূজা অৰ্চনা কৰে নেতাদ্বয়ে ৷

ডুবি পৰিহৰেশ্বৰ দেৱালয়ত সেৱা আগবঢ়ালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰঞ্জিত দাসে

তাৰ পিছতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেৱালয় সংলগ্ন কেতেকীবাৰী পৰিদৰ্শন কৰে ৷ ইয়াৰ পিছতে ৰঞ্জিত কুমাৰ দাস আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেৱালয় প্ৰাঙ্গণত এখন ৰাজহুৱা সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰে ৷ দুইগৰাকী নেতাই পাঠশালাৰ ডুবিৰ পৰা সৰ্থেবাৰী সংলগ্ন ডাঃ জিনাৰাম পথৰ 18 কিমি অংশ নিৰ্মাণৰ শুভাৰম্ভ কৰে ৷

ডুবিৰ পৰা এক বিশাল বাইক ৰেলী কৰি পাঠশালাত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস ৷ পাঠশালাত উপস্থিত হৈ 100খন বিচনা যুক্ত বজালী জিলা অসামৰিক চিকিৎসালয় নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে মন্ত্ৰী শৰ্মাই ৷ তদুপৰি 200খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰা হ‘ব বুলিও ঘোষণা কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

বুধবাৰে পাটাছাৰকুছি অঞ্চলত বিজেপিয়ে এক প্ৰকাৰে নিৰ্বাচনী ৰণডংকা বজোৱা পৰিলক্ষিত হয় ৷ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছকো তীব্ৰ কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ লগতে জনীয়া অঞ্চল সন্দৰ্ভত মন্ত্ৰী শৰ্মাই তাত গৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ নকৰে বুলিও মন্তব্য কৰে ৷

বাঘবৰ জনীয়াৰ ভোট নালাগে হিমন্ত বিশ্বক

উল্লেখ্য যে, বিগত বৰ্ষৰ আগষ্ট মাহত ৰাজ্যিক কেবিনেটে বজালী মহকুমাক এখন পূৰ্ণাংগ জিলাৰ ৰূপ দিয়াৰ বাবে প্ৰস্তাৱনা উত্থাপন কৰিছিল ৷ অৱশেষত 12 জানুৱাৰীত ৰাজ্যপালে কেবিনেটৰ এই সিন্ধান্তত অনুমোদন জনোৱাৰ পিচতেই বজালী মহকুমা এখন পূৰ্ণাংগ প্ৰশাসনিক জিলালৈ ৰূপান্তৰিত হয় ৷ বজালীক জিলা ঘোষণা কৰাৰ শ্ৰেয় ৰঞ্জিত কুমাৰ দাসক প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ পাঠশালাৰ মদন ৰাউতা নগৰত জিলা মুখ্যালয়সমূহ স্থাপন কৰাৰ লগতে ইতিমধ্যেই নিযুক্ত কৰা হৈছে 10 গৰাকীকৈ প্ৰশাসনিক বিষয়া ৷ আনহাতে এতিয়াও 85 গৰাকী প্ৰশাসনিক বিষয়া নিযুক্তি দিবলৈ বাকী আছে ৷ অহা 15 জানুৱাৰীৰ ভিতৰতেই বজালী জিলাই লাভ কৰিব জিলাখনৰ প্ৰথম দুগৰাকী জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ৷

লগতে পঢ়ক: বজালীক পূৰ্ণকালীন প্ৰশাসনিক জিলা ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.