ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ জন্মদিনত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এক লাখ ঘৰ

author img

By

Published : Aug 28, 2022, 10:13 PM IST

বৰপেটাৰোডত আয়োজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত ৷ এই অনুষ্ঠানত অংশ লৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjeet kumar Dass attended PM Modi mann ki baat) প্ৰধানমন্ত্ৰী আবাস যোজনাৰ 1 লাখ ঘৰ আৰু 1 হাজাৰ অমৃত সৰোৱৰ আৱণ্টন দিয়াৰ কথা দোহাৰে ৷

Ranjeet kumar Dass attended PM Modi mann ki baat
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী আবাস যোজনা আৰু অমৃত সৰোৱৰ নিৰ্মাণ হ’ব

বৰপেটাৰোড, 28 আগষ্ট : 17 ছেপ্তেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন ৷ প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি উক্ত দিনা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ 1 লাখ ঘৰ আৰু 1 হাজাৰ অমৃত সৰোৱৰ আৱণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ দেওবাৰে বৰপেটাৰোডত আয়োজিত বিজেপিৰ এক সভাত অংশ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

উল্লেখ্য যে দেওবাৰে বৰপেটাৰোডৰ বিজেপিৰ 160 নং বুথ কমিটিৰ উদ্যোগত আয়োজন কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত অনুষ্ঠান (Ranjeet kumar Dass attended PM Modi mann ki baat) ৷ এই অনুষ্ঠানতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে মোডীৰ জন্মদিনৰ দিনাৰ পৰাই ৰাজ্য চৰকাৰে 1 লাখ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ আৰু 1 হাজাৰ অমৃত সৰোৱৰৰ কাম আৰম্ভ কৰিব ৷

আনকি অমৃত সৰোবৰ নিৰ্মাণৰ বাবে পৰ্টেল মুকলি কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে কয় ।

তাৰোপৰি বিগত কিছুদিন পূৰ্বে যোৰহাটত 5 লাখ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ আৱণ্টন দিয়াৰ কথা তেওঁ উল্লেখ কৰে ৷ লগতে আগন্তুক 17 চেপ্তেম্বৰত পুনৰ 1 লাখ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ আৱণ্টন দিয়া হ’ব বুলিও দোহাৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

লগতে পঢ়ক : সকলো কাম বাদ দি প্ৰধানমন্ত্ৰীৰ মন কী বাত শুনাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.