ETV Bharat / state

Corruption at panchayat in Kalagachia: কলগাছিয়াত পঞ্চদশ আঁচনিত ব্য়াপক দুৰ্নীতি

author img

By

Published : Mar 11, 2023, 8:19 PM IST

ৰাজ্যৰ পঞ্চায়তে পঞ্চায়তে সংঘটিত হৈছে ব্যাপক অনিয়ম । কেতিয়াবা যদি অৰুণোদয়, আন কেতিয়াবা PMAY ৰ নামত দুৰ্নীতি । এইবাৰ পঞ্চদশ আঁচনিৰ নামতো চলিছে অবাধ দুৰ্নীতি(Rampant corruption at panchayat in Kalagachia) । কলগাছিয়াৰ সোণাপুৰ-ৰুভি গাঁও পঞ্চায়তত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ।

Rampant corruption at panchayat in Kalagachia
কলগাছিয়াত পঞ্চদশ আঁচনিত ব্য়াপক দুৰ্নীতি

জনীয়া, ১১ মাৰ্চ: আছে গৰু নাবাই হাল সেই গৰু থকাতকৈ নথকাই ভাল । আপ্ত বাক্যশাৰীয়েই যেন সত্যলৈ পৰিণত হৈছে কলগাছিয়াৰ সোণাপুৰ-ৰুভি গাঁও পঞ্চায়তত । ভাবিবলৈ আচৰিত লাগিলেও এয়াই হ’ল জনীয়া সমষ্টিৰ উন্নয়নৰ বাস্তব ছবি । উন্নয়নৰ নামত জয়গান গোৱা বিজেপি চৰকাৰৰ আজিলৈকে চকুত নপৰিল এনেবোৰ দৃশ্য । বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৮৩ নং সোণাপুৰ-ৰুভী গাঁও পঞ্চায়তত সংঘটিত হৈছে ব্যাপক অনিয়ম(Rampant corruption at panchayat in Kalagachia) ।

ৰাইজৰ অভিযোগ অনুসৰি পঞ্চদশ আঁচনিৰ অধীনত ২০২০-২১(15th finance commission scheme) বৰ্ষৰ বালিকুৰি বজাৰৰ মাজমজিয়াত ৰমজান নামৰ লোকজনৰ দোকানৰ পৰা ফজলুৰ ৰহমান নামৰ লোকজনৰ দোকানলৈ এটা নলা নিৰ্মাণৰ বাবদ ২ লাখ ৫৫ হাজাৰ ২৬৪ টকা আবণ্টন দিয়া হৈছিল । ৫ মাহ পূৰ্বে উক্ত কামৰ আধাৰশিলা স্থাপন কৰিছিল ৮৩ নং সোণাপুৰ-ৰুভী গাঁও পঞ্চায়তৰ সভানেত্ৰী নাৰজিনা পাৰবিনে(Allegations of corruption against president) ।

কিন্তু আজিলৈকে উক্ত কাম আৰম্ভ কৰিবলৈ সক্ষম নহ'ল পঞ্চায়ত সভানেত্ৰী নাৰজিনা পাৰবিন । বৰষুণ আহিলেই বালিকুৰি বজাৰত একাঠু পানী জমা হয়, ফলত নাজল নাথল অৱস্থাৰ সৃষ্টি হয় সৰ্বসাধাৰণ ৰাইজৰ মাজত । ৰাইজৰ ভোটেৰে প্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতো পঞ্চায়তখনৰ উন্নয়ন কৰাত সভানেত্ৰীগৰাকী ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে মন্দিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া স্বফিকুল ইছলামৰ ওচৰত ইতিমধ্যে দাখিল কৰিছে এক অভিযোগ । পিছে ৰাইজৰ অভিযোগক খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে কিদৰে গুৰুত্ব প্ৰদান কৰে সেয়া হ'ব সময়ত লক্ষণীয় । অতি শীঘ্ৰে এই বিষয়টোৰ এক উচিত তদন্ত কৰি শীঘ্ৰেই এটা কালভাৰ্ট নিৰ্মাণৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে ।

লক্ষণীয়ভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পঞ্চায়তত সংঘটিত হোৱা দুৰ্নীতিৰ পাছতো চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । এক কথাত ক'বলৈ গ'লে বৰ্তমান সময়ত পঞ্চায়তসমূহ কেৱল হৈ পৰিছে টকা ঘটাৰ আহিলা । উন্নয়নৰ শ্লোগানতে যেন সীমাবদ্ধ হৈ ৰৈছে চৰকাৰখনৰ দায়িত্ব ।

লগতে পঢ়ক: Tiger menace at Kaliabor: ঢেকীয়াপতীয়াৰ বিচৰণে টোপনি হৰিছে কলিয়াবৰবাসীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.