ETV Bharat / state

বিগত দিনত চাকৰি দিম বুলি কৈছিলা, চাকৰি দিলাঃ হিমন্তক কটাক্ষ ৰকিবুলৰ

author img

By

Published : Dec 5, 2020, 8:32 PM IST

বাক্সাৰ শালবাৰী সমষ্টিৰ অন্তৰ্গত ভকুৱামাৰীত এক নিৰ্বাচনী সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বন্ধু বুলি সম্বোধন কৰি "বিগত দিনত চাকৰি দিম বুলি কৈছিলা, চাকৰি দিলা ? স্কুটি দিম বুলি কৈছিলা, দিলা জানো" বুলি প্ৰশ্ন কৰে ৷ ইয়াৰ লগতে হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ কাজিয়াতো গণ্ডগোল আছে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷

as_bar_rakibul-hussain-comment-on-himanta-biswa-sarma_vis1_AS10030
বিগত দিনত চাকৰি দিম বুলি কৈছিলা চাকৰি দিলাঃহিমন্তক কটাক্ষ ৰকিবুলৰ

বৰপেটাৰোড, 5 ডিচেম্বৰঃ আগন্তুক 7 ডিচেম্বৰত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে বড়োভূমিত তুংগত উঠিছে প্ৰচাৰ ৷ কোনো এটা ৰাজনৈতিক দলেই পিচপৰি থকা নাই নিৰ্বাচনী প্ৰচাৰত । সমান্তৰালভাৱে ২১ নং শালবাৰী সমষ্টিৰ কংগ্ৰেছ-এ আই ইউ ডি এফ মিত্ৰজোঁটৰ হাইভল্টেজ নেতৃত্বৰে বিশাল নিৰ্বাচনী প্ৰচাৰেৰে সামৰণি মাৰিছে প্ৰচাৰ অভিযান । সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সমষ্টিটোত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিশ্বজিত বসুমতাৰীৰ হৈ প্ৰচাৰ চলায় ৷

বাক্সাৰ শালবাৰী সমষ্টিৰ অন্তৰ্গত ভকুৱামাৰীত অনুষ্ঠিত এই নিৰ্বাচনী প্ৰচাৰ সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই বিটিচিত শন্তি উন্নতিৰ স্বাৰ্থত কংগ্ৰেছ-এ আই ইউ ডি এফ দল ওলাই আহিছে বুলি উল্লেখ কৰে । বিগত দিনবোৰত বিপিএফ দলে কৰা প্ৰতাৰণাৰ বাবেই কংগ্ৰেছে বিটিচি নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া হৈছে বুলি উল্লেখ কৰি বৰাই । সভাত প্ৰাক্তন প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে বিজেপি চৰকাৰে জনবিৰোধী নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ সমালোচনা কৰে ।

ৰকিবুল হুছেইনে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বন্ধু বুলি সম্বোধন কৰি "বিগত দিনত চাকৰি দিম বুলি কৈছিলা, চাকৰি দিলা ? স্কুটি দিম বুলি কৈছিলা, দিলা জানো" বুলি প্ৰশ্ন কৰে ৷ ইয়াৰ লগতে হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ কাজিয়াতো গণ্ডগোল আছে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷ শনিবাৰৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী, সাংসদ আব্দুল খালেক, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অনুৰূপা হান্নানকে ধৰি কেইবাগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই ৷

লগতে পঢ়ক-শিৱসাগৰত অনুষ্ঠিত হ’ব এজেপিৰ ৰাজনৈতিক অভিৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.