ETV Bharat / state

আজমল চিলেটীয়া মূলৰ মানুহ: ৰঞ্জিত দাস

author img

By

Published : Apr 3, 2021, 9:52 PM IST

"মুছমান মানে নহয় কোনো এআইইউডিএফ অথবা কংগ্ৰেছী ৷ এই লৈ প্ৰমাণ আছে বিজেপিৰ হাতত ৷ বৰক্ষেত্ৰীৰ নাৰায়ন ডেকা, কৰিমগঞ্জৰ কৃপানাথ মাল্লাৰ দৰে বিজেপি নেতা সকলক সংখ্যালঘু ভোটাৰেহে ভোট দি জিকাইছে ৷ কোনো সংখ্যালঘু লোকে এইবাৰ এআইইউডিএফক ভোট নিদিয়ে ৷" নিৰ্বাচনী প্ৰচাৰৰ মাজতে সাংবাদিকক সম্বোধন কৰি এইদৰে মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷

তৃতীয় পৰ্যায়ত মুছমান মানে এআইইউডিএপ-কংগ্ৰেছ নহয় !

বৰপেটা, 3 এপ্ৰিল : তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে মুছলমান প্ৰীতিৰে গদ গদ হোৱা দেখা গৈছে বিজেপিৰ নেতা কৰ্মী সকলক ৷ কিয়নো তৃতীয় পৰ্যায়ৰ বিশেষ কেইটামান সমষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মুছলমান ভোটাৰ তথা সংখ্যালঘু ভোটাৰে ৷

"মুছমান মানে নহয় কোনো এআইইউডিএফ অথবা কংগ্ৰেছী ৷ এই লৈ প্ৰমাণ আছে বিজেপিৰ হাতত ৷ বৰক্ষেত্ৰীৰ নাৰায়ন ডেকা, কৰিমগঞ্জৰ কৃপানাথ মাল্লাৰ দৰে বিজেপি নেতা সকলক সংখ্যালঘু ভোটাৰেহে ভোট দি জিকাইছে ৷ কোনো সংখ্যালঘু লোকে এইবাৰ এআইইউডিএফক ভোট নিদিয়ে ৷" নিৰ্বাচনী প্ৰচাৰৰ মাজতে সাংবাদিকক সম্বোধন কৰি এইদৰে মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷

আজমল চিলেটীয়া মূলৰ মানুহ: ৰঞ্জিত দাস

লগতে আজমলৰ প্ৰসংগ টানি আনি সাংসদ আজমলে নামনি অসমৰ কোচ-ৰাজবংশীৰ লোক সকলৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি আনিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে ৰঞ্জিত দাসে ৷ তেওঁ কয়, আজমলে দেশীয় মুছমান লোক সকলৰ ৰাজনৈতিক অধিকাৰ কাঢ়িছে ৷ 1951 চনৰ পৰা ধুবুৰী লোকসভা সমষ্টিত দেশী মুছমান সকল সাংসদ হৈ আহিছে ; কিন্তু যোৱা 15 বছৰত চিলেটীয়া মূলৰ মানুহ এজনেহে তাত জয়লাভ কৰিছে ৷ আওপকিয়াকৈ জিলাখনৰ স্থানীয় মুছলমান সকলৰ ৰাজনৈতিক অধিকাৰ বদৰুদ্দিন আজমলে কাঢ়ি লৈছে বুলি এক চাঞ্চল্যকৰ অভিযোগ তোলে সভাপতি ৰঞ্জিত দাসে ৷

ইফালে, আজমলে গামোচা দলিওৱা বিষয়টোতো মন্তব্য প্ৰকাশ কৰে ৰঞ্জিত দাসে ৷ আজমলে গামোচা দলিওৱা দেখি লজ্জিত হৈছে ধুবুৰী, গোৱালপাৰা আদি জিলাসমূহৰ দেশী, গৰীয়া, ভাতিয়া মুছমান সম্প্ৰদায়ৰ লোক সকল ৷ গতিকে এই অঞ্চল সমূহত সংখ্যালঘু আৰু সংখ্যাগুৰু সকলো লোকে একত্ৰিত হৈ আজমলক উৎখাত কৰিবলৈ সিদ্ধান্ত লৈছে বুলি প্ৰত্যাহ্বান সূচক মন্তব্য কৰে দাসে ৷

তদুপৰি বৰ্তমান কংগ্ৰেছৰ নাই পূৰ্বৰ স্থিতি ৷ প্ৰণৱ গগৈ, তৰুণ গগৈৰ দৰে লোক সকলৰ দিনৰ কংগ্ৰেছ আজি নাই বুলি কৈ এইবাৰ কংগ্ৰেছে আজমলক বুকুছাত উঠাই লৈছে বুলিহে কয় ৰঞ্জিত দাসে ৷ নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত কংগ্ৰেছ বেয়াকৈ বিধংসী হৈছে ৷ এইবাৰৰ তৃতীয় পৰ্যায়তো মহাজোঁটৰ বিপৰীতে মিত্ৰজোঁটে নিৰ্বাচনী জয় গান গাব বুলি মন্তব্য প্ৰকাশ কৰে ৰঞ্জিত দাসে ৷

লগতে পঢ়ক: মুকলি আকাশৰ তলত কুইপ’ৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.