ETV Bharat / state

সৰুক্ষেত্ৰী সমষ্টিত ৰাইজৰ দলৰ নিৰ্বাচনী কুচ-কাৱাজ

author img

By

Published : Jan 22, 2021, 3:53 PM IST

2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলেও আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ ৷

raijor_dol_meeting_at_sarukhetri
সৰুক্ষেত্ৰী সমষ্টিত ৰাইজৰ দলৰ নিৰ্বাচনী কুচ-কাৱাজ

বৰপেটা, ২২ জানুৱাৰীঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৮নং মধ্য পাকা গাঁও পঞ্চায়ত সমিতি গঠনৰ বাবে শুকুৰবাৰে বালাপাৰা বজাৰত ৰাইজৰ দলৰ আহ্বানত অনুষ্ঠিত হয় ৰাজহুৱা সভা ৷ উক্ত সভাত অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধি, সম্পাদক মনিৰুজ জামান, মনদীপ শৰ্মা, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক চক্ৰধৰ ডেকা, বিনয় ডেকাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰে ৷

সভাখনত অংশগ্ৰহণ কৰি কমল কুমাৰ মেধিয়ে বিজেপি, কংগ্ৰেছ আৰু এআইইউডিএফ দলে হিন্দু-মুছলমানক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰি অহাৰ বিপৰীতে ৰাইজৰ দলে সকলো অসমবাসীক লৈ ৰাজনীতি কৰা বুলি মন্তব্য কৰে ৷ সভাখনত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ নেতা মনিৰুজ জামানে বিজেপি, কংগ্ৰেছ আৰু এআইইউডিএফক অসমৰ পৰা চিৰবিদায় দিয়া হ‘ব বুলি ভাষণ প্ৰদান কৰি অসমত এখন শক্তিশালী আঞ্চলিক দলৰ চৰকাৰ গঠন হোৱাতো নিশ্চিত বুলি দাবী কৰে ৷ সভাত দেবেন দৈমাৰীক সভাপতি আৰু হিমাংশু কলিতাক সম্পাদক হিচাপে লৈ মধ্য পাকা গাঁও পঞ্চায়তৰ ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন কৰা হয় ৷

লগতে পঢ়ক: ঐতিহ্যমণ্ডিত জোনবিল মেলাত অচল আধুনিক মুদ্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.