ETV Bharat / state

ৰাইজৰ দলৰ প্ৰাৰ্থী আশ্ৰাফুল ইছলামৰ সংবাদমেল

শনিবাৰে জনীয়াত ৰাইজৰ দলৰ প্ৰাৰ্থী আশ্ৰাফুল ইছলামৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলযোগে বিজেপি আৰু এআইইউডিএফ-ক কঠোৰ সমালোচনা প্ৰাৰ্থী গৰাকীৰ ৷

author img

By

Published : Mar 27, 2021, 2:17 PM IST

asraful-islam-pressmeet
আশ্ৰাফুল ইছলামৰ সংবাদমেল

জনীয়া,27 মাৰ্চ: জনীয়াত শনিবাৰে ৰাইজৰ দলৰ প্ৰাৰ্থী আশ্ৰাফুল ইছলামে এক সংবাদমেল সম্বোধন কৰি বিজেপি দলক তীব্ৰ সমালোচনা কৰে ৷ লগতে অসমৰ পৰা বিজেপিক উৎখাত কৰিবলৈ যিকোনো দলৰ সৈতে একত্ৰিত হৈ চৰকাৰৰ অংশীদাৰ হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰাৰ্থী আশ্ৰাফুল ইছলামে ।

asraful-islam-pressmeet
আশ্ৰাফুল ইছলামৰ সংবাদমেল

যিসকলে জনীয়া-বাঘবৰলৈ আহিলে পাকিস্তান পাকিস্তান লাগে, সেইসকলে জনীয়াত কোন সাহসত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বুলি তেওঁ বিজেপিক সমালোচনা কৰে ৷ আনহাতে, বদৰুদ্দিন আজমলে ৰাইজৰ দলক বিজেপিৰ এজেণ্ট বুলি কৰা মন্তব্যক প্ৰত্যাহ্বান জনাই এআইইউডিএফ-ক বিজেপিৰ বি টীম বুলি অভিহিত কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীয়ে ।

সংবাদমেলযোগে আশ্ৰাফুল ইছলামে কয় যে, জনীয়াৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে । গতিকে, উন্নয়নত ব্যৰ্থ হোৱা জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামক বিদায় দি ৰাইজৰ দলৰ প্ৰতি আস্থা পোষণ কৰি এইবেলি জনীয়াবাসীয়ে ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীক বিপুল ভোটত জয়যুক্ত কৰিব বুলি দাবী কৰে ।

লগতে পঢ়ক : আশ্ৰাফুল হুছেইন ভণ্ড সাহিত্যিক: ৰবিউল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.