ETV Bharat / state

নিয়ম নে ৰেগিং ? বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ নৱাগত ছাত্ৰই নিশা দুপৰলৈকে কিয় থাকিল চেলুনত ?

author img

By

Published : Aug 21, 2019, 1:50 PM IST

বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত উত্থাপিত হৈছে ৰেগিঙৰ অভিযোগ ৷ নিশা ৯-৩০ বজালৈকে বৰপেটা চহৰৰ চেলুনত নৱাগত ছাত্ৰই চুলি কাটিবলৈ যোৱাক লৈ সন্দেহ ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া

নিয়ম নে ৰেগিং ? বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ নৱাগত ছাত্ৰই নিশা দুপৰলৈকে কিয় থাকিল চেলুনত ?

বৰপেটা, 21 আগষ্টঃ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত নৱাগত ছাত্ৰক ৰেগিঙৰ নামত মহাবিদ্যালয় খনৰ একাংশ জ্যেষ্ঠ ছাত্ৰই আতিশয্য চলোৱাৰ ঘটনা পোহৰলৈ আহিছে৷ জানিব পৰা মতে, চিকিৎসা মহাবিদ্যালয় খনৰ ভকতপাৰাত থকা ছাত্ৰাবাসৰ নৱাগত আবাসী সকলে জ্যেষ্ঠ আবাসী সকলৰ নিৰ্দেশ মতে মঙলবাৰে নিশা বৰপেটা চহৰৰ চেলুনত চুলি চুটিকৈ কাটিছিল ৷ পৰৱৰ্তী সময়ত একাংশ নৱাগত ছাত্ৰৰ অভিভাৱকে এই সম্পৰ্কে সাংবাদিকক অভিযোগ দিয়াৰ পাছতেই ঘটনাটোক লৈ বৰপেটা চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ তাৰ পাছতেই নিশাই চেলুনত উপস্থিত হৈ চুলি কাটিবলৈ অহা ছাত্ৰসকলক সাংবাদিকে চুলি কটাৰ কাৰণ সোধাৰ লগতে তেওঁলোক ৰেগিঙৰ বলি হৈছে নেকি বুলি প্ৰশ্ন সোধে যদিও ৰহস্যজনক ভাৱে ছাত্ৰ সকলে স্পষ্ট উত্তৰ দিয়াৰ পৰা বিৰত থাকিল ৷ তাৰ বিপৰীতে তেওঁলোকে " আমি কেৱল নিয়ম পালন কৰিছো, কোনো ধৰণৰ ৰেগিং আমাৰ লগত সংঘটিত হোৱা নাই বুলিহে" জানিবলৈ দিয়ে ৷

ইপিনে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰাই বুধবাৰে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অধ্যক্ষ গৰাকীয়ে মঙলবাৰে নিশালৈকে হোষ্টেলৰ নৱাগত আৱাসীয়ে চুলি কটাটো সত্য বুলি জানিবলৈ দিয়ে ৷ কিন্তু নৱাগত ছাত্ৰ সকলে নিশা হোষ্টেলৰ পৰা ওলাই আহি প্ৰায় ৯-৩০ বজালৈকে বৰপেটা চহৰৰ চেলুনত চুলি কাটিবলৈ যোৱা সম্পৰ্কে অধ্যক্ষ গৰাকী অৱগত নহয় বুলি মন্তব্য কৰে ৷ ইয়াৰোপৰি ৰেগিঙৰ ক্ষেত্ৰত 'জিৰো ট'লাৰেঞ্চ'ৰ ভূমিকাৰ কথা ব্যক্ত কৰিও মঙলবাৰৰ নিশাৰ ঘটনাটোক ৰেগিং বুলি নাভাৱে বুলিহে আজব মন্তব্য কৰে অধ্যক্ষ গৰাকীয়ে ৷ অৱশ্যে বৰপেটা মেডিকেল কলেজত ঘটা ৰেগিঙৰ ঘটনাটোৰ তদন্তৰ বাবে ইতিমধ্যে কলেজখনৰ উপাধ্যক্ষক দায়িত্ব প্ৰদান কৰিছে অধ্যক্ষই ৷ আনকি হোষ্টেলৰ দায়িত্বত থকা অধীক্ষককো ঘটনা সম্পৰ্কে লিখিতভাৱে জনাবলৈ নিৰ্দেশ দিছে অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰাই ৷

Intro:

বৰপেটা ২১ আগষ্ট: বৰপেটা মেডিকেল কলেজৰ একাংশ ছাত্ৰই নিশা কিয় চুটিকৈ কাটিলে চুলি ৷

চিকিৎসা বিজ্ঞানৰ নৱাগত ছাত্ৰইহে মাথো কিয় চুটিকৈ কাটিব লগা হ'ল চুলি ৷

নিশা কিয় চুটিকৈ চুলি কাটিব লগীয়া হ'ল বৰপেটা মেডিকেল কলেজৰ ভকতপাৰাত থকা আৱাসৰ নৱাগত ছাত্ৰই ৷

বৰপেটাত চিকিৎসা বিজ্ঞানৰ একাংশ নৱাগত ছাত্ৰই চুটিকৈ চুলি কাটিবলগীয়া হোৱা ঘটনাক লৈ চাঞ্চল্য ৷

Body:ৰেগিঙৰ বলি হবলগীয়া হৈছে নেকি বৰপেটা মেডিকেল কলেজৰ চিকিৎসা বিজ্ঞানৰ একাংশ নৱাগত ছাত্ৰ ৷

চুলি চুটিকৈ কটাক লৈ বৰপেটা চহৰত চাঞ্চল্য ৷

জ্যেষ্ঠ ছাত্ৰৰ ভয়ত মুখ নুখুলে নৱাগত ছাত্ৰই ৷

একাংশ নৱাগত ছাত্ৰই মাথো কলে- একো ঘটা নাই ৷ আমি মাথো নিয়ম পালন কৰিছো ৷ আমি মেডিকেলৰ ছাত্ৰ ৷ বাকী সকলতকৈ আমি অলপ পৃথক ৷ এয়া ৰুল ; চুলি কাটিব লাগে ৷ বন্ধুসকলে চুলি কাটিবলৈ কৈছে ৷
সাংবাদিকৰ প্ৰশ্নঃ আপোনালোকক কোনোৱে অশোভনীয় ব্যৱহাৰ কৰিছে নেকি?? নাই নাই , একো হোৱা নাই ৷

নিশা চেলুনত চুলি কাটিবলৈ অহা ছাত্ৰসকলে ৰেগিঙ হোৱাৰ কথা অস্বীকাৰ কৰিছে যদিও এয়া ভয়ত মুখ বন্ধ ৰখা বুলি অনুমান কৰা হৈছে ৷

আছলতে জ্যেষ্ঠ ছাত্ৰৰ ৰেগিঙৰ বলি হৈছে নেকি নৱাগত ছাত্ৰসকল তাৰ অনুসন্ধানৰ দাবী উত্থাপিত হৈছে ৷

কোনো বৃহৎ অঘটন সংঘটিত হোৱাৰ পূৰ্বেই এইক্ষেত্ৰত আৰক্ষী আৰু জিলা প্ৰশাসনৰ হস্তক্ষেপৰ দাবী উত্থাপিত হৈছে ৷

আনকি এইক্ষেত্ৰত বৰপেটা মেডিকেল কলেজ কতৃপক্ষক কঠোৰ স্থিতি লবলৈ দাবী উঠিছে ৷

ৰেগিঙৰ নামত যাতে কোনো নৱাগত ছাত্ৰই হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া নহয়, তাৰবাবে কলেজ কতৃপক্ষক সজাগ হোৱাৰ দাবী ৷

ৰেগিঙৰ বলি হৈ কোনো ছাত্ৰৰ যাতে চিকিৎসক হোৱাৰ সপোন ভাগি নাযায় লেই ক্ষেত্ৰত সজাগ হব লাগিব কলেজ কতৃপক্ষ ৷

বৰপেটা মেডিকেল কলেজ ছাত্ৰাবাসত থকা নৱাগত ছাত্ৰসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত উত্থাপিত হৈছে প্ৰশ্ন ৷

এইক্ষেত্ৰত মেডিকেল কলেজ কতৃপক্ষই গ্ৰহন কৰা ভূমিকা হব লক্ষনীয় ৷
Conclusion:বাইট: ছাত্ৰ
( ছাত্ৰবোৰ ১৮ বছৰৰ তলৰ
ফুটেজ, বাইট ব্ৰাৰ কৰি দিব লাগিব) ---- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.