বৰপেটাৰোড, 27মেঃ বৰপেটাৰোডৰ ৰাজীৱ ভৱনত শনিবাৰে নিশা দুৰ্বৃত্তই বিজেপিৰ পতাকা আঁৰি থৈ যোৱাৰ পাছত এতিয়া বিজেপি আৰু কংগ্ৰেছৰ মাজত আৰম্ভ হৈছে তীব্ৰ বাক বিতণ্ডা ৷ বিজেপিৰ বৰপেটাৰোড নগৰ মণ্ডল সমিতিয়ে এক প্ৰেছ বিবৃতি যোগে কংগ্ৰেছৰ ৰাজীৱ ভৱনক 'অপবিত্ৰ স্থান' বুলি আখ্যা দিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটাৰোড ব্লক কংগ্ৰেছে ৷ বিজেপিৰ বৰপেটাৰোড মণ্ডল কমিটিৰ সভাপতি ৰাজেশ সৰকাৰৰ ভাষা জ্ঞানৰ অভাৱ আৰু নীচ মানসিকতাৰ বাবে তেনে মন্তব্য কৰিছে বুলি এক প্ৰেছ বিবৃতি যোগে উল্লেখ কৰে বৰপেটাৰোড ব্লক কংগ্ৰেছৰ সভাপতি প্ৰদীপ সাহাই ৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সকলো ৰাজনৈতিক দলৰ কাৰ্যালয়ক পবিত্ৰ স্থান ৰূপে গণ্য কৰে বুলি উল্লেখ কৰে প্ৰদীপ সাহাই ৷
আনহাতে,এই ঘটনাৰ সৈতে জৰিত দুৰ্বৃত্তক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে বৰপেটাৰোড ব্লক কংগ্ৰেছৰ কৰ্মীসকলে ৷