বৰপেটা,১৩ মাৰ্চ: এখন দলঙ বাবে কেইবাবছৰ ধৰি হাৰাশাস্তি ভূগিব লগীয়া হৈছে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৰাইজে । সমষ্টিটোৰ গজিয়াৰ পৰা গোবিন্দপুৰলৈ যোৱা পথত নিৰ্মাণ কৰি থকা হৈছে এখন পকী দলং। ২০২০ চনৰ মে মাহতে দলং খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ কথা আছিল । ২০১৮ চনতে কাম আৰম্ভ হৈছে যদিও এতিয়াও নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত ক্ষোভিত হৈছে স্থানীয় ৰাইজ । দলঙখন নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰৰ লেহেমীয়া কাম কাজ দেখি দুবছৰ নহয়, ১০ বছৰ পিছতো যে দলঙখনৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব তাক লৈ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷
ইপিনে দলঙখনৰ লেহেমীয়া নিৰ্মাণ কাৰ্য দেখিও নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি আহিছে জনীয়া সমষ্টিৰ বিধায়ক ড০ ৰফিকুল ইছলামে ৷ দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে ঠিকাদাৰক হেঁচা দিবলৈ বিধায়কগৰাকীক বিগত সময়চোৱাত স্থানীয় ৰাইজে জনোৱা অনুৰোধৰ প্ৰতি কোনো গুৰুত্ব নাই জনীয়াৰ বিধায়ক ড০ ৰফিকুল ইছলামৰ ৷ সেয়ে আগন্তুক নিৰ্বাচনত বিধায়কগৰাকীক ইয়াৰ প্ৰত্তুৎৰ দিব বুলি হুংকাৰ দিছে জনীয়া সমষ্টিৰ গজিয়া,পাতলিকুছি অঞ্চলৰ কেইবাখনো গাঁৱৰ ক্ষোভিত ৰাইজে ৷
লগতে পঢ়ক:তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ দ্বি-বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন আৰম্ভ