ETV Bharat / state

অবৈধ বালি খনন ৰোধৰ দাবীত কলগাছিয়াত ৰাইজ ওলাই আহিল ৰাজপথলৈ - বালি মাফিয়া

Public Protest in Kalgachia : বালি মাফিয়াৰ বিৰুদ্ধে কলগাছিয়াৰ শ শ ৰাইজ ৰাজপথলৈ ওলাই আহিল ৷ প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হোৱাত পৰিৱেশ শান্ত হয় ৷

public protest in kalgachia against illegal sand mining
অবৈধ বালি খনন ৰোধৰ দাবীত কলগাছিয়াত ৰাইজ ওলাই আহিল ৰাজপথলৈ
author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 2:29 PM IST

অবৈধ বালি খনন ৰোধৰ দাবীত কলগাছিয়াত ৰাইজ ওলাই আহিল ৰাজপথলৈ

জনিয়া, 17 জানুৱাৰী : বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত জমেৰকুৰ-বৰডাঙা গাঁৱত বালি মাফিয়াৰ দপদপনি অব্যাহত আছে ৷ বেকী নৈৰ পাৰত বন বিভাগ আৰু বৰপেটা জিলা প্ৰশাসনৰ অৱহেলাৰ বাবে বালি মাফিয়াই অবৈধ বালি খনন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

উপায়ন্তৰ হৈ, বালি মাফিয়াৰ দপদপনিৰ বাবে অৱশেষত বুধবাৰে ৰাইজ ওলাই আহিল ৰাজপথলৈ ৷ অবৈধ বালি খনন বন্ধ কৰাৰ দাবীত ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ ৰাইজে অবৈধ বালি খনন বন্ধ কৰক, আমাৰ দাবী মানিবই লাগিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । ৰাইজৰ অভিযোগ অনুসৰি, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত জমেৰকুৰ-বৰডাঙা গাঁৱত আব্দুছ ছবুৰ, মিজানুৰ ৰহমান, আবুল কালাম আজাদ, আব্দুল মালেক বেকী নৈৰ পাৰত অবৈধ ভাৱে বালি খনন চলাই আহিছে ৷ যাৰ ফলত জমেৰকুৰ-বৰডাঙা গাঁৱলৈ কঢ়িয়াই আনিছে বেকী নদীৰ গৰাখহনীয়াৰ তীব্র ভাবুকি ৷

আনহাতে ৰাইজৰ অভিযোগ অনুসৰি, বালি খনত বাধা দিয়াৰ বাবে আক্কাছ আলী নামৰ স্থানীয় যুৱকজনক বালি মাফিয়াই 12 ঘণ্টাৰ ভিতৰত প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰে । সেয়ে অতি শীঘ্ৰেই এই অবৈধ বালি খনন বন্ধ কৰাৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইতিমধ্যে প্ৰতিবাদস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ অবৈধ বালি খননৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ৰাইজৰ আশ্বাস প্ৰদান কৰে ৷ লগতে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু বন বিষয়াৰ জৰিয়তে তদন্তৰ কৰাৰ কথাও প্ৰতিবাদী ৰাইজৰ আগত ঘোষণা কৰে আৰক্ষীয়ে ৷ তাৰ পাচতহে প্ৰতিবাদী ৰাইজ শান্ত হয় ৷

পিছে ৰাইজক দিয়া প্ৰতিশ্ৰুতি বা আশ্বাস পৰৱৰ্তী সময়ত আৰক্ষীয়ে বা বিভাগীয় কৰ্তৃপক্ষই কিমান ৰূপায়ন কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : লাট মণ্ডলক বিপথে পৰিচালিত কৰি দুখীয়া লোকৰ মাটি বেদখলৰ চেষ্টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.