ETV Bharat / state

কলগাছিয়াত পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ - বৰপেটা জিলা

কলগাছিয়াৰ লাংলাত পথ নিৰ্মাণৰ দাবীত স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷ এজাক বৰষুণতেই একাঠু বোকাJ সৃষ্টি হোৱাত যাতায়াতৰ বাবে জলা কলা খাবলগীয়া হৈছে পথাচাৰীয়ে ৷ বছৰ বছৰ ধৰি পথটো মেৰামতি নকৰাত চৰকাৰ তথা জন-প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে।

public Protest demanding construction of road in Kalgaasia
কলগাছিয়াত পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ
author img

By

Published : Jun 23, 2021, 11:44 AM IST

জনীয়া, 23 জুন : ৰাজ্যৰ প্ৰায়ভাগ জিলাতে পথৰ এতিয়া তথৈবচ অৱস্থা ৷ পথৰ দুৰাৱস্থাৰ বাবেই বছৰৰ পাছত বছৰ দুৰ্ভোগ ভূগীবলগীয়া হৈছে ৰাইজে ৷ জৰজীৰ্ণ পথ মেৰামতি কৰি দিবলৈ চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলক বাৰম্বাৰ আনুৰোধ জনোৱাৰ পিচতো কি কংগ্ৰেছ, কি বিজেপি চৰকাৰ কোনো এখন চৰকাৰেই পথসমূহৰ উপযুক্ত মেৰামতিৰ ব্যৱস্থা নকৰাৰ ফলতে এজাক বৰষুণতে যাতায়াতৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় ৰাইজে ৷

তেনে এক ঘটনা পোহৰলৈ আহিছে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত লাংলা গাঁৱত ৷ বছৰ বছৰ ধৰি বৃহত্তৰ লাংলা বজাৰৰ পৰা হৰিৰচৰ সংযোগী পথটো মেৰামতি নকৰাৰ বাবে পথটোত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত এতিয়া যমৰ যাতনা ভূগিবলগীয়া হৈছে ৰাইজে । অকল সেয়াই নহয় জৰুৰী অৱস্থাত এখন এম্বুলেঞ্চ আনিবলৈও এতিয়া কোনো উপায় নোহোৱা হৈছে ৰাইজৰ ৷

কলগাছিয়াত পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ

কেতিয়াবা যদি কোনো এখন যান বাহন পথটোৰে আহে তেনেহ'লে পথৰ মাজতেই আবদ্ধ হৈ থাকিবলগীয়া হয় বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ এই জৰাজীৰ্ণ পথটো মেৰামতি কৰি দিবলৈ বাৰম্বাৰ স্থানীয় জন প্ৰতিনিধি ড৹ হাফিজ ৰফিকুল ইছলাম (Hafiz Rafiqul Islam), সাংসদ তথা পঞ্চায়তৰ সদস্য সকলক আহ্বান জনাইছিল ৷ কিন্তু ৰাইজৰ অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ লগতে আজিলৈকে উক্ত পথটোৰ মেৰামতিৰ বাবে কোনো ব্যৱস্থা নল'লে বুলি অভিযোগ কৰিছে ৰাইজে ৷

ইফালে স্থানীয় সাংসদ আৰু জনীয়া সমষ্টিৰ বিধায়কৰ লগতে পঞ্চায়তৰ প্ৰতিনিধি সকলক বাৰে বাৰে আবেদন নিবেদন কৰাৰ পিছতো কোনো সুফল নোপোৱাত বুধবাৰে পথটোৰ মেৰামতিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, ড৹ হাফিজ ৰফিকুল ইছলাম গ’ বেক, হাফিজ ৰফিকুল মুৰ্দাবাদ, পথ মেৰামতিৰ ব্যৱস্থা কৰক আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ।

যদি অতি শীঘ্ৰে পথটো মেৰামতি কৰি নিদিয়ে, তেনেহলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক-কলগাছিয়াত অব্যাহত বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.