ETV Bharat / state

দলং নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ দাৱনদিয়াত

author img

By

Published : Dec 18, 2020, 1:36 PM IST

কলগাছিয়াৰ দাৱনদিয়াত তীব্ৰ প্ৰতিবাদ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজৰ ৷ দলং নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ বিৰুদ্ধে সৰৱ দল-সংগঠন ৷ মৰা মানাহ নদীৰ ওপৰত ফুট ব্ৰিজ নিৰ্মানৰ বাবে ২০১৮-১৯ বৰ্ষত MP LAD পুঁজিৰ আৱন্টিত ১৭ লাখ টকা চক্ৰ বিষয়া অজিত কলিতাই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

Public Protest against Corruption
দলং নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ দাৱনদিয়াত

জনীয়া, 18 ডিচেম্বৰ: দলং নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ কলগাছিয়াৰ দাৱনদিয়াত ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দাৱনদিয়া গাঁৱৰ মৰা মানাহ নদীৰ ওপৰত ফুট ব্ৰিজ নিৰ্মানৰ বাবে ২০১৮-১৯ বৰ্ষত MP LAD পুঁজিৰ ১৭ লাখ টকা আবন্টন দিছিল ৷ কিন্তু ১৭ লাখ টকাৰ ভিতৰত এটকাৰো কাম নকৰাকৈ চক্ৰ বিষয়া অজিত কলিতাৰ নেতৃত্বত গঠিত দলং নিৰ্মাণ কমিটিয়ে সম্পূৰ্ণ টকা আত্মসাৎ কৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ পূৰ্বতেও একেখন দলঙৰ নামতে বৰপেটাৰ সাংসদ সিৰাজ উদ্দিন আজমলে কাঠৰ দলং নিৰ্মাণৰ বাবে ২০১৬-১৭ বৰ্ষত ৫ লাখ টকা আবন্টন দিছিল ৷ তেতিয়াও নাম মাত্ৰ কাম কৰি কমিটিয়ে অধিকাংশ টকা আত্মসাৎ কৰিছিল বুলি ৰাইজে দাবী কৰে ৷

উল্লেখ্য যে, দুবাৰকৈ ধন আৱন্টিত হোৱাৰ পাচতো কাম সম্পূৰ্ণ নোহোৱাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজে ৷ পুনৰ ফুট ব্ৰিজ নিৰ্মানৰ বাবদ আবন্টিত ধনেৰে কাম নকৰাৰ অভিযোগ উত্থাপন কৰি দাৱনদিয়া আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে ৷ দলং নিৰ্মাণৰ দুৰ্নীতিৰ লগত জৰিত লোকক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজে ৷ শীঘ্ৰে দলং নিৰ্মাণৰ লগত জৰিত দুৰ্নীতিগ্ৰস্থ লোকক শাস্তি প্ৰদান নকৰিলে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক: নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত শিল-বালিৰ সৰবৰাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.