ETV Bharat / state

Drugs Paddler: বৰপেটাৰোডৰ নিচুকাত ড্ৰাগছ আসক্ত যুৱকক কৰায়ত্ত - ড্ৰাগছ আসক্ত যুৱকক কৰায়ত্ব কৰিলে ৰাইজে

বৰপেটাৰোডত ৰাইজে আটক কৰিলে ড্ৰাগছ আসক্ত তথা ড্ৰাগছ সৰবৰাহকাৰী যুৱকক ৷ বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত নিচুকাত দেওবাৰে এটা ড্ৰাগছ আসক্ত যুৱকক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৰাইজে ৷ কৰায়ত্ব কৰা ড্ৰাগছ আসক্তটোক ৰাইজে উত্তম-মধ্যম সোধাই বিদ্যুৎ পৰিবাহী খুঁটাত বান্ধি ৰাখে (Public Caught Drugs Paddler) ৷

Public Caught Drugs Paddler
ড্ৰাগছক কেন্দ্ৰ কৰি বৰপেটাৰ নিচুকাত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Apr 24, 2023, 7:17 AM IST

ড্ৰাগছ আসক্ত যুৱকক কৰায়ত্ব কৰিলে ৰাইজে

বৰপেটাৰোড, 24 এপ্ৰিল : এইবাৰ বৰপেটাৰোডত ৰাইজে আটক কৰিলে ড্ৰাগছ আসক্ত তথা ড্ৰাগছ সৰবৰাহকাৰী যুৱকক ৷ বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত নিচুকাত দেওবাৰে এটা ড্ৰাগছ আসক্তক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৰাইজে ৷ এখন পালছাৰ বাইকেৰে তিনি যুৱকে ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা বুলি ৰাইজে সন্দেহ কৰি সোধা-পোছা কৰি থকাৰ সময়তে পলায়ন কৰে এটা আসক্তই ৷ পাচত ৰাইজে দৌৰাই-দৌৰাই কৰায়ত্ত কৰে ড্ৰাগছ আসক্তটোক (Public Caught Drugs Paddler in Barpetaroad) ৷

ড্ৰাগছ আসক্তটো বৰপেটাৰোডৰ খৈৰাবাৰীৰ আৰ্চাদ আলী বুলি জানিব পৰা গৈছে ৷ আনহাতে আন দুই আসক্ত তথা সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় ৷ কৰায়ত্ব কৰা ড্ৰাগছ আসক্তটোক ৰাইজে উত্তম-মধ্যম সোধাই বিদ্যুৎ পৰিবাহী খুঁটাত বান্ধি ৰাখে (Public Caught Drugs Paddler) ৷

পৰৱৰ্তী সময়ত বৰপেটাৰোড আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আসক্তটোক আটক কৰি থানালৈ লৈ আনে ৷ আটকাধীন আসক্তটোৰ পৰা ড্ৰাগছ, কন্টেইনাৰ, এখন পালছাৰ বাইক, এটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ এই ঘটনাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে অঞ্চলটোত ৷ ৰাইজে মূল ড্ৰাগছ ব্যৱসায়ীক বিচাৰি গ্ৰেপ্তাৰ কৰাৰ বাবে এতিয়া দাবী জনাইছে আৰক্ষীক ৷

উল্লেখ্য যে, ৰাজ্যত বৰ্তমানেও অবাধ হাৰত প্ৰচলন হৈ আছে নিষিদ্ধ ড্ৰাগছ ৷ ড্ৰাগছৰ কৰাল গ্ৰাসত ৰাজ্যৰ একাংশ যুৱক-যুৱতী ৷ নিষিদ্ধ ড্ৰাগছৰ কবলত পৰি বহু সময়ত নিজৰ জীৱন হেৰুওৱাৰ লগতে পৰিয়াললৈও অন্ধকাৰ নমাই অনা পৰিলক্ষিত হৈছে ৷

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ কঠোৰ অভিযান ৷ সময়ে সময়ে ৰাজ্যৰ ভিন্ন স্থানত ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীৰ এই পদক্ষেপত বহু সময়ত স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয় ৷ কিন্ত আৰক্ষীৰ কঠোৰ ড্ৰাগছ বিৰোধী অভিযানৰ মাজতো অসাধু চক্ৰই ন ন কৌশলেৰে এতিয়াও অব্যাহত ৰাখিছে ড্ৰাগছৰ সৰবৰাহ (Assam Police Anti Drugs Mission) ৷

লগতে পঢ়ক: Gambling in Kalgachia: কলগাছিয়াৰ বহু স্থানত বাটে ঘাটে চলিছে অবৈধ জুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.