বৰপেটা,11 ফেব্ৰুৱাৰী : নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায়ৰ ঘাটিলৈ পৰিণত হৈছে বৰপেটাৰোডৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙ্গাত থকা 'মা মনসা হোটেল'৷ বৃহস্পতিবাৰে ৰাইজে এই হোটেলত অভিযান চলাই দুগৰাকী দেহ ব্যৱসায়ী সহ এজন সন্দেহযুক্ত দালালক আটক কৰে ৷ উল্লেখ্য যে, দীৰ্ঘদিনধৰি এই হোটেলখনত নাৰীদেহৰ ব্যৱসায় চলাই অহা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে যদিও আৰক্ষীয়ে এই সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ধাবা তথা হোটেলখনত নিতৌ চলি আহিছে নাৰী দেহৰ ব্যৱসায় (sex racket busted at Barpeta) ৷ কেৱল সেয়াই নহয় নাৰীদেহ ব্যৱসায় চলি থকাৰ উপৰিও মদ্যপান চলি থকাৰ ফলত সমীপতে থকা একাংশ পৰিয়ালে যথেষ্ট অসুবিধাৰ সন্মূখীন হ'বলগীয়া হয়৷ এই সন্দৰ্ভত স্থানীয় ৰাইজে বাৰম্বাৰ গোচৰ প্ৰদান কৰি আহিছে যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে ৷
অৱশেষত হোটেলখনৰ অভিযুক্ত লোক কেইজনক কৰায়ত্ত কৰি আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে ৷ লগতে স্থানীয় ৰাইজৰ গোচৰৰ ভিত্তিত অভিযুক্ত মহিলাসহ এজন লোকক থানালৈ লৈ যায় আৰক্ষীয়ে(Barpeta police bust a sex racket) ৷ সম্প্ৰতি উক্ত হোটেল তথা ধাবাখন বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : Nagaon Sex Racket Busted : মোবাইলত যুৱতীৰ ফটো এডিট কৰি নগাঁৱত যৌনতাৰ বেহা