জনীয়া,10জুলাইঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ নেতা অখিল গগৈক মুক্তিৰ দাবীৰে, ভাৰতৰ কমিউনিষ্ট পাৰ্টী মাৰ্ক্সবাদীৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে, কলগাছিয়া স্থানীয় কমিটিয়ে এক প্ৰতিবাদী সমদল বাহিৰ কৰে শুকুৰবাৰে। প্ৰতিবাদকাৰী সকলে অখিল গগৈক মুক্তি দিয়ক,গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সকলো এক হওঁক, বিজেপি চৰকাৰ হুঁচিয়াৰ,বিজেপি চৰকাৰক নিপাত যাওঁক,বাক স্বাধীনতা কাঢ়ি নিব বিচৰা বিজেপি চৰকাৰ নিপাত যাওঁক আদি শ্লোগানেৰে কলগাছিয়াৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইপিনে অখিল গগৈৰ লগতে কাৰাবন্দী কৰি ৰখা প্ৰতিগৰাকী নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনকাৰীক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীৰ লগতে, অখিল গগৈক উন্নত চিকিৎসাৰ প্ৰদানৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে।
লগতে পঢ়কঃ চিৰাঙত বান পৰিস্থিতি ভয়ানক