ETV Bharat / state

ৰাজ্যৰ বাট-পথ বেয়া গতিকে পথলৈকে ওলাই আহিল ৰাইজ! - প্ৰতিবাদ গুৱাহাটীৰ বৰগাঁওবাসী ৰাইজৰ

বিধ্বস্ত দলংৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদ জনীয়াৰ কলগাছিয়া ৰাইজৰ ৷ আনহাতে বিধ্বস্ত পথ নিমাৰ্ণৰ দাবীত এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে গুৱাহাটীৰ বৰগাঁওবাসী ৰাইজৰ

পথৰ দুৰৱস্থাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
author img

By

Published : Sep 24, 2019, 11:39 PM IST

জনিয়া, 24 আগষ্ট : নিজৰ গাঁঠিৰ ধন ব্যয় কৰি কলগাছিয়াৰ ৰাইজে নিমাৰ্ণ কৰিলে বাঁহৰ দলং ৷ কলগাছিয়াৰ ৰাজহচক্ৰৰ অন্তৰ্গত কলগাছিয়াৰ পৰা বৰপেটালৈ যোৱা একমাত্ৰ ৰাস্তাটোৰ ওপৰত আছে আমগুৰি পকী দলংখন ৷ বানপানী ফলত বিধ্বস্ত হয় গড়কাপ্তানী পথটোত থকা এই পকী দলংখনৰ লগতে উক্ত অঞ্চলটোৰ প্ৰায় তিনি কি.মি. পথ ৷ ফলত কলগাছিয়া, বলাইপাথাৰ, খাৰবাল্লি, আমগুৰি, ডিমাপুৰ গাঁৱৰ শ শ ৰাইজে যাতায়তৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । লগতে বঞ্চিত হ'ব লগা হৈছে ১০৮ এম্বুলেন্স সেৱা, অগ্নিনিৰ্বাপক বাহিনীৰ জৰুৰীকালীন সেৱাৰ পৰা । জনপ্ৰতিনিধি সকলে দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও কাৰ্যত সেয়া হৈ নুঠে । উল্লেখযোগ্য যে, দলঙখনৰ পৰা পৰি মাজে মাজে দুৰ্ঘটনাও সংঘটিত হৈ আছে । গতিকে স্থানীয় ৰাইজ আৰু ভেটাৰী গাড়ী সন্থাৰ তৰফৰ পৰা মঙলবাৰে দলঙৰ ভাঙি যোৱা অংশটোত ৰাইজে নিজাববীয়াকৈ এখন বাঁহৰ দলং নিৰ্মাণ কৰে ৷ আনহাতে সংবাদ মাধ্যমৰ যোগেদি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে কলগাছিয়াবাসী ৰাইজে ৷

হাতে হাতে প্লেকাৰ্ডলৈ প্ৰতিবাদ সাব্যস্ত বৰগাঁওবাসী ৰাইজে
পথৰ দুৰৱস্থাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ইপিনে বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত মহানগৰীৰ জালুকবাৰী সমীপৰ বৰাগাঁওবাসীৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ চৰকাৰৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিল বৰাগাঁৱৰ ৰাইজ । হাতে হাতে প্লে'কাৰ্ডলৈ প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে । চৰকাৰ গ'বেক, ন' ৰ'ড, ন' ভোট আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ বৰাগাঁওবাসীৰ । ঘটনা অনুসৰি বৰাগাঁও বিজ্ঞান পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছে । অত্যাধিক বোজাৰ বাহনৰ আহ-যাহ কৰাৰ ফলত পথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ । এজাক বৰষুণ দিলেই পানীৰ তলত ডুব যায় এই পথচোৱা । যাৰ পৰিণতিত বহু দুৰ্ঘটনাও সংঘটিত হৈছে পথটোত । বাৰম্বাৰ স্থানীয় বিধায়ক তথা চৰকাৰৰ ওচৰত আবেদন কৰিও কোনো বৰ্তমানলৈ কোনো সুফল নাপালে বৰাগাঁওবাসীয়ে ৷ গতিকে পৰিৱৰ্তনৰ সপোন দেখুৱাই গাদী দখল কৰা সোণোৱাল চৰকাৰক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শেষ সকিয়নী দিয়ে বৰাগাঁওবাসী ৰাইজে । অতিশীঘ্ৰে পথচোৱা মেৰামতি কৰি যাতায়তৰ বাবে সুচল নকৰিলে জনপ্ৰতিনিধি প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে ক্ষোভিত ৰাইজে ।

Protest for poor road in jania and jalukbari

Intro:slug: as_jania_14sep_bidostho_path_vis2+but+pho1_apl_story_asc10058

Anchor: গাঁঠিৰ ধন ব্যয় কৰি ৰাইজে মেৰামতি কৰিলে বাঁহৰ হাকো। দলংৰ দুয়োপাশে ভাঙি যোৱাৰ ফলত আৰু পথৰ মাজত সৃষ্টি হোৱা গাতে জ্বলা-কলা খুৱাইছে ৰাইজক। নিৰ্বিকাৰ জনপ্ৰতিনিধি।Body:slug: as_jania_14sep_bidostho_path_vis2+but+pho1_apl_story_asc10058

VO: কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত কলগাছিয়াৰ পৰা বাৰপেটালৈ যোৱা একমাত্ৰ পথ। এই গৰকাপ্তানী পথটো চাৰিবাৰকৈ বানপানী হৈ যোৱাৰ ফলত আমগুৰি পকা দলঙৰ দুয়োফালে ভাঙি যায়। উক্ত পাথখনৰ তিনি কি: মি: পথ বিধস্ত হৈ যায়। যাৰ বাবে কলগাছিয়া, বলাইপাথাৰ, খাৰবাল্লি, আমগুৰি, ডিমাপুৰ গাঁৱৰ শ শ ৰাইজে বহু অসুবিদাৰ সম্মুখীন হবলগীয়া হৈছে। বিধস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক গড়কাপ্তানি পথটোৰ অৱস্থা অতি শোচনীয় হৈ পৰাত সম্পূৰ্ণৰূপে চাৰিচকীয়া বাহনৰ চলাচল বন্ধ হৈ পৰিছে। যাৰ ফলত ১০৮ এম্বুলেন্স সেৱা, অগ্নিনিৰ্বাপক বাহিনিৰ দৰে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হব লগা হৈছে। জনপ্ৰতিনিধি সকলে দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও পিছত কোনো খৱৰ নলয়। দলংখনৰ পৰা পৰি মাজে মাজে দুৰ্ঘটনা সংগঠিত হয়। যাৰ বাবে স্থানীয় ৰাইজ আৰু ভেটাৰী গাড়ী সন্থাৰ তৰফৰ পৰা নিজাববীয়াকৈ বাঁহৰ হাকো মেৰামতি কৰিছে। সেয়ে ৰাইজে অতি শিগ্ৰে পথটো মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনায়।Conclusion:slug: as_jania_14sep_bidostho_path_vis2+but+pho1_apl_story_asc10058

Byt: স্থানীয় ৰাইজ আৰু পথচাৰী।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.