বৰপেটা/জোনাই 27 জুন: ন্যায়ালয়ত কৰ্মৰত ন্যায়িক কৰ্মচাৰীসকলে ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰিছে কৰ্মবিৰতি ৷ সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই আহ্বান জনোৱা দিনযোৰা কৰ্মবিৰতিৰ ফলত মঙলবাৰে বৰপেটাৰ আদালতৰ লগতে সমগ্ৰ ৰাজ্যজুৰি স্তব্ধ হৈ পৰিছে ন্যায়ালয়ৰ কাম কাজ ৷
ন্যায়িক কৰ্মচাৰীৰ দাবীৰ প্ৰতি সহাৰি জনাই উচ্চতম ন্যায়ালয়ে ২০০৯ চনতে শেট্টী কমিচনৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰিবৰ বাবে ৰায় প্ৰদান কৰিছিল ৷ কিন্তু ন্যায়ালয়ৰ ৰায়দান কাৰ্যকৰী নকৰিলে চৰকাৰে ৷
অসমৰ ন্যায়িক কৰ্মচাৰীৰ সেৱা বিধি প্ৰকাশ কৰা,পদোন্নতিৰ ক্ষেত্ৰত ২৫% চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক সুবিধা দিয়া,ষ্টেন'গ্ৰাফাৰ, গাড়ীচালক, ৰেকৰ্ড কীপাৰ আদি কৰ্মচাৰীসকলৰ বিশেষ বানচ প্ৰদান কৰা,লোক আদালতৰ কামত নিযুক্ত কৰ্মচাৰীক মূল বেতনৰ ৫% হাৰত পাৰিতোষিক প্ৰদান কৰা ইত্যাদি বিষয়ত চেট্টী আয়োগৰ পৰামৰ্শৱলীত আছিল ৷
ইফালে মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ মুখ্য সহায়কৰ দৰমহা জিলা ন্যায়াধীশ কাৰ্যালয়ৰ মুখ্য সহায়কৰ সমপৰ্যায়ৰ কৰা,পদ অনুসৰি স্নাতক হাৰত দৰমহা প্ৰদান কৰা, ন্যায়িক বিষয়াসকলৰ দৰে ন্যায়িক কৰ্মচাৰীৰ সকলৰো চিকিৎসাৰ খৰচ উভতাই দিয়াৰ দাবী কৰি আহিছে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই ৷ কিন্তু এই দাবীসমূহ পূৰণ নকৰিলে চৰকাৰে ৷ যাৰ বাবে ৰাজ্যৰ ন্যায়িক কৰ্মচাৰী সন্থাই দিনজোৰা কৰ্মবিৰতি আহ্বানৰ ফলত বৰপেটাতো ন্যায়পালিকাৰ কাম কাজ ব্যাহত হৈ পৰে ৷
লগতে পঢ়ক:Crime in Nagaon: পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ
একেদৰে জোনাইতো জোনাই মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে কর্মবিৰতি পালন কৰে ন্যায়িক কৰ্মচাৰীসকলে । শেট্টী কমিচনৰ পৰামৰ্শৱলীৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ WP(C) ১০২২/৮৯ গোচৰৰ ০৭/১০/২০০৯ তাৰিখৰ ৰায়দান সম্পূর্ণভাৱে কাৰ্যকৰী নকৰা বিৰুদ্ধে আৰু অন্যান্য ন্যায়ৰ দাবীত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই পালন কৰে এই সৰ্বাত্মক কর্মবিৰতি ।
আগন্তুক সময়ত যদিহে তেওঁলোকৰ দাবীসমূহ চৰকাৰে পূৰণ নকৰে তেন্তে পুনৰ প্ৰতিবাদৰ হুংকাৰ সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ ৷