ETV Bharat / state

কলগাছিয়াত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - জংগী আন্দোলনৰ হুংকাৰ

কৃষক নেতা অখিল গগৈ সহ 'কা' বিৰোধী কাৰাবন্দী নেতাসকলক বিনাচৰ্তে মুক্তি প্ৰদান আৰু উপযুক্ত চিকিৎসাৰ দাবীত কলগাছিয়া মহকুমাত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ আহ্বানত কলগাছিয়াত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্য সকলে ৷ কৃষক নেতা অখিল গগৈ ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে অতি শীঘ্ৰে অখিল গগৈৰ উপযুক্ত চিকিৎসা আৰু সকলো কাৰাবন্দীক বিনাচৰ্তে মুক্তিৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

Protest by KMSS at Barpeta Kalgachia
কলগাছিয়া কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
author img

By

Published : Jul 15, 2020, 8:37 PM IST

জনীয়া, 15 জুলাই : ক'ভিড-19 আৰু বানপানীৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে বুধবাৰে বৰপেটা জিলাৰ কলগাছিয়াত একাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৃষক নেতা অখিল গগৈ সহ 'কা' বিৰোধী কাৰাবন্দী নেতাসকলক বিনাচৰ্তে মুক্তি প্ৰদান আৰু উপযুক্ত চিকিৎসাৰ দাবীত কলগাছিয়া মহকুমাত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ আহ্বানত কলগাছিয়াত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে ৷

কলগাছিয়া কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে অভিযোগ উত্থাপন কৰি কয় যে, চৰকাৰে ইচ্ছাকৃতভাৱে অৱহেলা আৰু ষড়যন্ত্ৰ কৰি অখিল গগৈৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাই হত্যাৰ কৰাৰ চেষ্টা কৰিছে ৷ এতিয়া চিকিৎসাৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰি দায়িত্ব সঠিকভাৱে পালন কৰাৰ ভাও জুৰি ৰাইজক আভুৱা ভাৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে । কৃষক নেতা অখিল গগৈ ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে বুলি কোৱাৰ লগতে অতি শীঘ্ৰে অখিল গগৈৰ উপযুক্ত চিকিৎসা আৰু অখিল গগৈ সহ 'কা' বিৰোধী সকলো কাৰাবন্দীক বিনাচৰ্তে মুক্তিৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদকাৰীসকলে অখিল গগৈক মুক্তি দিয়ক, ধৈৰ্য কোঁৱৰক মুক্তি দিয়ক, বিতু সোণোৱালক মুক্তি দিয়ক, অখিল গগৈক উপযুক্ত চিকিৎসা প্ৰদান কৰক, অখিল গগৈক হত্যা কৰিবলৈ দিয়া নহব, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হুচিয়াৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ আদি শ্লো'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে, অসমৰ বিভিন্ন প্ৰান্তত 'কা' বিৰোধী নেতাসকলক মুকলি কৰি দিয়াৰ বাবে সংগঠনটোৰ ফালৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে ৷ অনতি পলমে কাৰাবন্দীসকলক মুক্তি দিয়াৰ বাবে দাবী জনোৱাৰ লগতে জংগী আন্দোলনৰো হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷

লগতে পঢ়ক : বানাক্ৰান্তলৈ ৰকিবুল-গৌৰৱে আনিলে চানা-পপকৰ্ণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.