বৰপেটা, 22 জুলাইঃ দক্ষিণ তিতাপানী সমবায় সমিতিৰ সম্পাদক আব্দুছ ছবুৰ আহমেদৰ বিৰুদ্ধে কলগাছিয়াৰ কান্দুলিয়াত প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুব্ধ হিতাধিকাৰী ৰাইজে ৷ প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ,সম্পাদক আব্দুছ ছবুৰ আহমেদে দৰিদ্ৰ দুখীয়া ৰাইজৰ বাবে আৱণ্টিত বিনামূলীয়া চাউল,দাইল,আটা আদি আত্মীয়ৰ নামেৰে ভুৱা হিতাধিকাৰী দেখুৱাই আত্মসাত কৰি বঞ্চিত কৰিছে হিতাধিকাৰী ৰাইজক ৷
দক্ষিণ তিতাপানী সমবায় সমিতিৰ সম্পাদক গৰাকীৰ দুৰ্নীতিৰ কথা পোহৰলৈ আনে ইমদাদুল ইছলাম নামৰ যুৱক এজনে ৷ তাৰ পাচতে,কলগাছিয়াৰ কান্দুলিয়া গাঁৱৰ ৰাইজে পুৱা প্ৰতিকূল বতৰকো নেওচি সাব্যস্ত কৰে প্ৰতিবাদ ৷ কান্দুলিয়া চক বজাৰত প্ৰতিবাদকাৰী সকলে,সম্পাদক আব্দুছ ছবুৰ আহমেদক গ্ৰেপ্তাৰ কৰক, ক’লা বজাৰত আটা বিক্ৰী কৰা নচলিব,আব্দুছ ছবুৰৰ দুৰ্নীতি বন্ধ কৰক আদি বিভিন্ন ধৰণৰ শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ একাংশ প্ৰতিবাদকাৰীয়ে দুৰ্নীতিত অভিযুক্ত সম্পাদক গৰাকীৰ বিৰুদ্ধে চি বি আই তদন্তৰো দাবী জনায় ৷
আনহাতে বিভাগীয় কৰ্তৃপক্ষক বিষয়টো অৱগত কৰাৰ পাচতো কোনো ব্যৱস্থা নোলোৱাত কিবা ৰহস্য জৰিত থকাৰো সন্দেহ প্ৰকাশ কৰে প্ৰতিবাদকাৰী ৰাইজে ৷
লগতে পঢ়কঃ শোণিতপুৰ জিলাত গাহৰি মাংস বিক্ৰী আৰু সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা