ETV Bharat / state

এটা কাৰ্যালায় স্থানান্তৰিত কৰাক কেন্দ্ৰকৰি অৰ্ধ উলংগ প্ৰতিবাদ - সংমণ্ডলটো

পাঠশালাত এটা কাৰ্যালয়ক কেন্দ্ৰকৰি উত্তপ্ত পৰিস্থতি ৷ কাৰ্যালয়টোক স্থানান্তৰিত কৰাৰ বিৰুদ্ধে অৰ্ধ উলংগ হৈ প্ৰতিবাদ স্থানীয় ৰাইজৰ ৷

People protest
এটা কাৰ্যালায় স্থানান্তৰিত কৰা কেন্দ্ৰকৰি অৰ্ধ উলংগ হৈ প্ৰতিবাদ
author img

By

Published : Aug 8, 2021, 9:28 PM IST

পাঠাশালা, 8 আগষ্ট : বজালীক জিলা হিচাপে ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পাছতে আনন্দিত হৈ পৰিছিল সাধাৰণ জনতা ৷ চৰাকৰে বজালীক পূৰ্ণাংগ ৰূপ দিবলৈ আৰম্ভ কৰিছে সৰ্ম্পূণ প্ৰক্ৰিয়া ৷ ইতিমধ্যে জিলাখনত চৰকাৰী কাৰ্যালয় সমূহ নিৰ্মাণৰ ব্যৱস্থা কৰিছে চৰকাৰে ৷ কিন্তু তাৰমাজতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এটা বিশেষ কাৰ্যালয়ক লৈ বজালীত ৷

পাঠশালত থকা জলসিঞ্চন বিভাগৰ সংমণ্ডলটো স্থানান্তৰিত কৰিব বিচাৰিছে বজালীলৈ চৰকাৰে ৷ যাক লৈ এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে পাঠশালা ৷ দেওবাৰে প্ৰখৰ ৰ’দকো নেওচি পাঠশালত স্থানীয় ৰাইজে অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাৱ্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৷ উল্লেখযোগ্য যে, পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস সমষ্টিত নথকাৰ সময়তে কোনোৱাই ৰাজনৈতিক মেৰপাকত পেলাই কাৰ্যলয়টো স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

এটা কাৰ্যালায় স্থানান্তৰিত কৰা কেন্দ্ৰকৰি অৰ্ধ উলংগ হৈ প্ৰতিবাদ

সম্প্ৰতি বজালীৰ ৰাইজে পাঠশালাৰ পৰা সংমণ্ডলটো স্থানান্তৰিত নকৰিবলৈ আহ্বান জনাইছে অসম চৰকাৰক ৷ মনকৰিবলগীয়া যে, পাঠাশালাত থকা জলসিঞ্চন কাৰ্যালয়টো থকাৰ বাবে বিশেষকৈ দৰিদ্ৰ খেতিয়ক ৰাইজৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ী-বাণিজ্য কৰি থকা লোক সকলো যথেষ্ট উপকৃত হৈছিল । সেইহে এই জলসিঞ্চন বিভাগৰ কাৰ্যালয়টো স্থানান্তৰিত নকৰিবৰ বাবে বাৰম্বাৰ আহ্বান জনাই আহিছে ৷

লগতে পঢ়কঃ ক'ভিডত আক্ৰান্ত মন্ত্ৰী অতুল বৰাক জি এম চি এইচত ভৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.